কাজিৰঙাৰ ৰাজপথত এনফৰ্চমেণ্টৰ চোকা দৃষ্টি

ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক বেগেৰে গলে ভৰিব লাগিব জৰিমণা, বাতিল হব অনুজ্ঞাপত্ৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ অক্টোবৰ :
কাজিৰঙাৰ ৰাজপথত গোলাঘাট জিলা এনফৰ্চমেণ্ট বিভাগৰ যান-বাহনৰ ওপৰত চোকা দৃষ্টি প্ৰদৰ্শন ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱকুলৰ সুৰক্ষাৰ ক্ষেত্ৰত নেচনেল গ্ৰীণ ত্ৰিবুনেলৰ নিষেধাজ্ঞা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অতিক্ৰম কৰা যান-বাহন সমুহ নিয়ন্ত্ৰণ কৰিবৰ বাবে ইণ্টাৰচেপ্তাৰৰ দ্বাৰা চোকা দৃষ্টি ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷ কাজিৰঙাৰ কাষেৰে যোৱা পথছোৱাত প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ বেগেৰে যাব পাৰিব প্ৰতিখন বাহন ৷ যান বাহনসমুহে এই আদেশ নামানিলে ভৰিব লাগিব ২ ৰ পৰা ৪ হাজাৰ টকা জৰিমনা লগতে লগতে ছমাহৰ বাবে চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দিয়াৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ৷ ইয়াক লৈ কাজিৰঙাৰ ৰাজপথত অধিক সতৰ্ক হৈ পৰিছে গোলাঘাট জিলা এনফৰ্চমেণ্ট ৷ যান বাহনসমুহ ৰখাই সজাগ কৰি দিয়াৰ লগতে বহু বাহনে জৰিমনাও ভৰিব লগীয়া হৈছে ৷ আনহাতে নৱ নিৰ্মিত যান বাহন আইনৰ বাবে ৰাইজক সতৰ্ক তথা সজাগ কৰি তুলিছে এনফৰ্চমেণ্টৰ বিষয়া-কৰ্মচাৰীসকলে ৷ ইয়াৰ ফলত অধিক সতৰ্ক হৈ পৰিছে বাহন সমুহৰ চালকসকল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *