বোকাখাতৰ মেথনিত পথ দুৰ্ঘটনা, নিহত এজন

কাজিৰঙা লাইভ, বোকাখাত, ৩০ অক্টোবৰ: বোকাখাতৰ মেথনিত পথ দুৰ্ঘটনা ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত মালবাহী ট্ৰাকে মহটিয়ালে এজন পথচাৰীক ৷ এ এছ ০৫ / চি ১৭৬৮ নম্বৰৰ মালবাহী ট্ৰাকখনৰ খুন্দাত ঘটনাস্থলীতে নিহত হয় লক্ষীৰাম ঘাটোৱাল নামৰ পথচাৰীজন ৷ গুৱাহাটিৰ পৰা যোৰহাট দিশে আহি আছিল ট্ৰাকখন ৷ ট্ৰাকৰ খুন্দা ইমানেই তীব্ৰ আছিল যে ট্ৰাকৰ খুন্দাত ৰাষ্ট্ৰীয় পথতে চিন্ন ভিন্ন হৈ চিটিকি পৰে নিহত লক্ষীৰাম ঘাটোৱালৰ দেহ ৷ ঘটনাৰ পাচতে পথৰ ওপৰতে বাগৰি পৰে ট্ৰাকখন ৷

Leave a Reply

Your email address will not be published. Required fields are marked *