কাজিৰঙাত গড়ঁ হত্যাৰ বাবে নগাঁৱত বাহৰ পতা দুধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ অক্টোবৰ : নগাঁও আৰক্ষীৰ সতৰ্কতাৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ ব্লুপ্ৰিণ্ট ৰচা এক পৰিকল্পনা ব্যৰ্থ হয় । ৰাষ্ট্ৰীয় উদ্যানখনত গড়ঁ হত্যাৰ উদ্দেশ্যেৰে নগাঁৱৰ ৰূপহীহাটত বাহৰ পাতিছিলহি এটা দুধৰ্ষ চোৰাং চিকাৰীয়ে । থ্ৰি নট থ্ৰি ৰাইফলৰ লগতে কেইবাৰাউণ্ড সজীৱ গুলী লৈ ডিমাপুৰৰ পৰা আহি নগাঁৱত আশ্ৰয় লোৱা চোৰাং চিকাৰীটো অৱশেষত পৰিল নগাঁও আৰক্ষীৰ জালত ৷ গঁড় হত্যাৰ পৰিকল্পনা ব্যৰ্থ হল চোৰাং চিকাৰীৰ । নগাঁও আৰক্ষীৰ জালত বন্দী হ’ল আবু হাচিম নামৰ দুধৰ্ষ চোৰাং চিকাৰীটো ৷সংবাদ মেলত নগাও আৰক্ষী অধীক্ষকৰ মত ব্যক্ত যে এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযান চলাই ৰূপহীৰ পৰা গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰীটোক । লগতে আৰক্ষীয়ে চোৰাং চিকাৰীটোৰ পৰা জব্দ কৰে এটা থ্ৰি নট থ্ৰি ৰাইফলৰ লগতে ৭ ৰাউণ্ডকৈ সজীৱ গুলী , মেগজিনৰ লগতে এখন চাইকেলো ।ডিমাপুৰৰ পৰা আহি কাজিৰঙাত প্ৰবেশৰ উদ্দেশ্যেৰে নগাঁৱত আশ্ৰয় লোৱা চোৰাং চিকাৰীটোক এতিয়া জেৰা অব্যাহত ৰাখিছে নগাও আৰক্ষীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *