বোকাখাত হেপীহোম বিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ অক্টোবৰ :
বোকাখাতৰ অন্যতম শিক্ষা প্রতিষ্ঠান হেপীহোম বিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ আজি পুৱতি সাহিত্য সভা ভবনত অনুষ্ঠিত হয়। শিক্ষয়িত্ৰী মঞ্জু মহনে আত ধৰা অনুষ্ঠানত বিদ্যালয়ৰ পৰিচালনা অধ্যক্ষ শ্ৰবন গোৱেংকাই বাৰ্ষিক প্ৰতিবেদনত কয় যে ১৯৯৭চনত স্থাপন হোৱা ১৬জন ছাত্র ছাত্রী ৰে শুভাৰম্ভ কৰা বিদ্যালয়ৰ বৰ্তমান ২১৭জন ছাত্র ছাত্রী ২২জন শিক্ষক কৰ্মচাৰী আছে। মূখ্য অতিথি ৰূপে অংশগ্রহণ কৰে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ও কাজিৰঙা লাইভৰ মুখ্য সম্পাদক ভবানন্দ কলিতা, সন্মানীয় অতিথি বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই। হেপীহোম বিদ্যালয়ৰ অধ্যক্ষা সংগীতা গোৱেংকাও উপস্থিত থাকে অনুষ্ঠানত৷ ছাত্র ছাত্রী সকলে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰাৰ লগতে মাতৃ সকলে ফেচন শ্ব প্ৰদৰ্শন কৰে৷ বিদ্যালয়ৰ বিভিন্ন দিশত কেইবাটাও বটা প্ৰদান কৰা হয় অনুষ্ঠানত। অভিভাৱকৰ হৈ প্ৰীতি বৰদলৈ সভাত মন্তব্য ৰাখে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *