কাজিৰঙাৰ যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

পৰ্যটকক বাহঁৰ চুঙাত পানী যোগান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ অক্টোবৰ:
কাজিৰঙাত প্লাষ্টিকৰ বটলৰ সলনি বাঁহৰ চুঙাত খোৱাপানী ৷ কাজিৰঙাৰ চন্দন নাথ নামৰ এজন যুৱকে গ্ৰহন কৰিছে এক ব্যতিক্ৰমী প্ৰদক্ষেপ ৷ যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্লাষ্টিকৰ পানীৰ বটল সম্পুৰ্ণ নিষেধ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ গতিকে কাজিৰঙা জীপ ছাফাৰী সংস্থাৰ সদস্য চন্দন নাথে বাহঁৰ চুঙাত খোৱা পানী লৈ পৰ্যটকক যোগান ধৰিছে বিশুদ্ধ খোৱা পানী ৷ নিজৰ জীপছী গাড়ী খনৰ লগতে ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে পৰ্যটক কঢ়িয়াই নিয়া আন জীপছী গাড়ী সমূহতো যোগান ধৰিছে বাঁহৰ চুঙা ৷ চন্দনৰ এই প্ৰদক্ষেপক শলাগ লৈছে বহি:ৰাজ্যৰ পৰ্যটকে ৷ একাংশই বাঁহৰ চুঙাৰ পানীত পোৱা সুকীয়া স্বাদৰ প্ৰশংসা কৰিছে ৷ প্লাষ্টিকৰ সলনি বাঁহৰ চুঙাৰ ব্যৱহাৰৰ গুণাগুণ জানিব পাৰি পৰ্যটক সকলে চুঙা ক্ৰয় কৰি নিয়াৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে ৷ অৱশ্যে বাঁহৰ চুঙাই আকৰ্ষিত কৰিলেও একাংশই নিজৰ ৰাজ্যত বাঁহৰ অভাৱৰ কথাও দোহাৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *