বোকাখাতৰ ধনশ্ৰী নদীত সংঘটিত নাও দুৰ্ঘটনা, এগৰাকী মহিলা সন্ধানহীন।

কাজিৰঙা লাইভ, বোকাখাত, ২৯ অক্টোবৰ: বোকাখাতৰ কুৰুৱাবাহীৰ ভাটী শিঙাদৰীয়া গাঁৱত ধনশ্ৰী নদীত সংঘটিত নাও দুৰ্ঘটনাত এগৰাকী মহিলাৰ সলিল সমাধীৰ আশংকা কৰাৰ লগতে ৫ জন লোক দৈৱ ক্ৰমে ৰক্ষা পৰে ৷ আজি দুপৰীয়াৰ ভাগত ভাটি শিঙাদৰীয়া গাঁৱৰ ৬ জন লোকে হাত নাৱেৰে হাঁহচৰা চাপৰীৰ কৃষি পামলৈ গৈ থকা অৱস্থাত ধনশ্ৰী নদীৰ কোৱাল সোঁতত নাওখন বুৰ যায় ৷ ফলত নিৰু দাস নামৰ মহিলা এগৰাকী বৰ্তমানো সন্ধানহীন হৈ আছে ৷ আনহাতে নাঁৱত থকা সঞ্জীৱ দাস, সুনীল দাস, বকুল দাস, গোলাই দাস, পদ্মা দাস সাঁতুৰি পাৰলৈ আহিবলৈ সক্ষম হয় ৷ নিপকোৱে পানী এৰি দিয়াৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি অহা ধনশ্ৰী নদীত নাঁৱৰ যাতায়ত সোমাবাৰে গোলাঘাট জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছিল ৷ সজাগতাৰ অভাৱৰ বাবেই আজিৰ এই ঘটনা সংঘটিত হল ৷ SDRF য়ে নিৰু দাসৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই ৷ অভিযানৰ তদাৰক কৰিছে বোকাখাতৰ মোহকুমাধিপতি বিবেক শ্যাম আৰু ৰাজহ চক্ৰ বিষয়া খনিন্দ্ৰ দাসে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *