কাতিমহীয়া বানত বিধস্ত গোলাঘাটৰ ধনশিৰি মহকুমা

আবতৰীয়া বানত বিধস্ত গোলাঘাটৰ বিভিন্ন অঞ্চল

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ অক্টোবৰ:
নগা পাহাৰত হোৱা ধাৰাষাৰ বৰষুনৰ ফলত ধনশিৰি নদীয়ে বুৰাই পেলাইছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ, সৰুপথাৰ, নাওজান , চুঙাজানকে ধৰি বিভিন্ন অঞ্চল ৷ বৰ্তমানেও অৰিৱৰ্তিত বানবিধস্ত অঞ্চলসমুহ । কাতিমহীয়া অহা আবতৰীয়া বান পানীয়ে ক্ৰমাত বুৰাই পেলাইছে ধনশিৰি নদীৰ দাতি কাষৰীয়া অঞ্চল সমূহ । ধনশিৰি নদীৰ বাঢ়নি পানীত ইখনৰ পিছত সিখনকৈ বুৰ গৈছে বহু গাঁও । বৰ্তমানো বহু লোক এতিয়াও আবদ্ধ পানীৰ মাজত । অকস্মাতে অহা বান পানীয়ে উটোৱাই নিলে পশুধন, মানুহৰ যাৱতীয় সা – সামগ্রী আৰু ছাত্ৰ ছাত্রীৰ পাঠ্যপুথি ।

Leave a Reply

Your email address will not be published. Required fields are marked *