দহ টকাত দৰ্শন কৰক কাজিৰঙাৰ বন্যপ্ৰাণী

দহ টকা দিলেই প্ৰত্যক্ষ কৰিব গঁড়, হাতী, মহকে ধৰি বহু বন্যজন্তু

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ অক্টোবৰ :
কাজিৰঙা, নামেই যাৰ পৰিচয় ৷ সেয়েহে উদ্যানখনৰ বিষয়ে দোহৰাৰ প্ৰয়োজন নাই ৷ দেশ-বিদেশত অসম তথা ভাৰতবৰ্ষক চিনাকী কৰি দিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নামটোৱেই যথেষ্ট ৷ জৈৱ বৈচিত্ৰতাৰ পৃষ্ঠভূমি, প্ৰকৃতিৰ মন পৰশা দৃশ্যৰাজি,জলাশয় আৰু জলজসম্পদ,গছ গছনি তথা বহু দুৰ্লভ পশু-পক্ষীৰ বিচৰণভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ সেয়েহে উদ্যানখনলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ সমাগম হয় ৷ বহু পৰিমাণৰ ধন ব্যয় কৰি কাজিৰঙাৰ বন্য জন্তুৰ লগতে প্ৰাকৃতিক পৰিবেশৰ সৈতে বিলীন হৈ পৰে কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকসকল। কিন্তু ইয়াৰ বিপৰীতে মাত্ৰ দহ টকা খৰচ কৰিয়েই আপুনি চাব পাৰিব এশিঙীয়া গঁড়কে ধৰি কাজিৰঙাৰ বহু বন্যজন্তু ৷ দহ টকাৰ বিনিময়ত নিচেই ওচৰৰ পৰা দৰ্শন কৰিব পাৰিব কাজিৰঙাৰ বিভিন্ন বন্যজন্তু ৷ উল্লেখ্য যে এফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আনফালে কাৰ্বিআংলংৰ মনোৰম কাৰ্বি পাহাৰ ৷ ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অতিক্ৰম কৰা হাজাৰ হাজাৰ যাত্ৰীৰ জিৰণি চৰা হৈ পৰে কাঞ্চনজুৰি ভিউ পইণ্ট ৷ কাঞ্চনজুৰি নামটোৰ দৰেই এই অঞ্চলটোৰ ৰূপো অপৰিসীম ৷বাগৰি বনাঞ্চলৰ পৰা ওলাই অহা বন্যজন্তুৰ বিচৰণভূমি কাঞ্চনজুৰিতেই কিছু সময় ৰৈ যাত্ৰীসকলে উপভোগ কৰে কাজিৰঙাৰ নান্দনিক দৃশ্য ৷ বিনন্দীয়া প্ৰাকৃতিক দৃশ্য উপভোগৰ লগতে কাঞ্চনজুৰিত দেখিবলৈ পোৱা যায় গঁড়,হৰিণা, হাতী মহকে ধৰি বহু প্ৰজাতিৰ পক্ষী ৷ এই দৃষ্টিনন্দন পৰিবেশ উপভোগ কৰিবলৈ একাংশ স্থানীয় লোকে উজনি-নামনিৰ যাত্ৰীসকলৰ সুবিধাৰ্থে বাইনকুলাৰৰ দ্বাৰা বন্য জীৱ জন্তুসমুহ চোৱাৰ সুবিধা কৰি আহিছে ৷এজন ব্যক্তিয়ে বাইনকুলাৰৰ দ্বাৰা বন্যজন্তু উপভোগ কৰাৰ বাবদ খৰচ কৰিব লাগে মাত্ৰ দহ টকা ৷ এদিনত দুশৰ পৰা তিনিশ টকা পৰ্যন্ত উপাৰ্জন কৰে হাতত বাইনকুলাৰ লৈ ৰৈ থকা লোককেইজনে ইয়াৰোপৰি মাহে দহৰ পৰা পোন্ধৰ হাজাৰ টকা পৰ্যন্ত এই বৃত্তিৰ দ্বাৰা ধন সংগ্ৰহ কৰি জীৱন সংগ্ৰামত বৰ্তি আছে কাজিৰঙাৰ বহুকেইজন লোকে ৷ বানপানীৰ সময়ত যদিও উদ্যান বন্ধ থাকে তথাপিও সেই দিনকেইটাত উক্ত অঞ্চলত যথেষ্ট লোকৰ সমাগম হোৱা দেখা যায় ৷ এইদৰে একো একোটা পৰিয়াল পোহপাল দি অহা এইসকল লোক বৰ্তমান অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত নিবনুৱাসকলৰ বাবে এক আদৰ্শ হৈ পৰিছে ৷ ইফালে বহু পৰিমাণৰ ধন খৰচ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পৰিবৰ্তে মাত্ৰ দহ টকাত কাজিৰঙা দৰ্শনৰ আনন্দ লৈ আপ্লুত হৈ পৰিছে উজনি-নামনিৰ যাত্ৰীসকল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *