বোকাখাতৰ কলাখোৱা গাঁৱত চতুৰ্দশ বাৰ্ষিক কালি পূজা উদযাপন : বীৰ শ্বহীদ পদুম বাহাদুৰ শ্রেষ্ঠলৈ শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৭ অক্টোবৰ :
বোকাখাত সত্যনাৰায়ন সংঘই বোকাখাতৰ কলাখোৱা গাঁৱত চতুৰ্দশ বাৰ্ষিক কালি পূজা উদযাপন কৰে। আজি প্ৰথম কাৰ্যসূচী হিচাপে বীৰ শ্বহীদ পদুম বাহাদুৰ শ্রেষ্ঠলৈ শ শ ভক্তই গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পূজা অৰ্চনা কৰি বীৰ শ্বহীদ গৰাকীৰ আত্মাৰ চিৰ শান্তিৰ অৰ্থে পূজা অৰ্চনা কৰে। ইপিনে পূজা মণ্ডপটো বীৰ শ্বহীদ গৰাকীৰ নাম উচৰ্গা কৰি ভক্তপ্ৰাণ ৰাইজে শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পৰাকৈ সুব্যৱস্থা কৰিছে বুলি উদ্যোক্তা সকলে জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *