কাজিৰঙাৰ অৰ্কিড উদ্যানত ব্যতিক্ৰমী দীপাৱলী

দীপাৱলীৰ দিনটোত পৰ্যটকক গছ পুলি উপহাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ,২৭ অক্টোবৰ :
আজি দেশজুৰি উলহ মালহেৰে উদযাপন হৈছে পোহৰৰ উৎসৱ দীপাৱলী৷ ৷ গাৱেঁ-ভূঞে, চহৰে-নগৰে প্ৰতিঘৰৰ পদুলিত চাকি-বন্তি জ্বলাই উদযাপন কৰিলে পোহৰৰ উৎসৱ দীপাৱলীৰ ৷ মাটিৰ চাকি,বহুৰঙীন বৈদ্যুতিক লাইট,ৰং বিৰঙৰ মমবাতি আৰু আতছবাজীৰ পোহৰে অমাবস্যাৰ ঘোৰ আন্ধাৰ আতৰাই জগত পোহৰাই ৰাইজলৈ লৈ আহিলে অফুৰন্ত আনন্দ আৰু সুখ-সহানুভূতি ৷ সমান্তৰালকৈ কাজিৰঙাত উদযাপন কৰা হল ব্যতিক্ৰমী দীপাৱলী ৷কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত দীপাৱলীৰ দিনটোত এখন প্ৰদুষণমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে প্ৰতিজন পৰ্যটকক উপহাৰ দিলে একোটাকৈ গছ পুলি ৷ দীপাৱলীৰ দিনটোত চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনোৱাৰ লগতে শব্দৰ বিপৰীতে পোহৰৰ উৎসৱ উদযাপন কৰাৰ আহ্বান অৰ্কিড উদ্যান কৰ্তৃপক্ষৰ ৷ উল্লেখ্য যে দীপাৱলীৰ নামত চীনত নিৰ্মাণ হোৱা বাৰেৰঙীণ বৈদ্যুতিক লাইট জ্বলোৱাৰ ফলত হোৱা বিদ্যুৎৰ অপচয় আৰু আটচবাজী ফুটাই বায়ু আৰু শব্দৰ ফলত হোৱা প্ৰদুষণ বৃদ্ধি হোৱাৰ বিপৰীতে উপস্থিত হোৱা প্ৰতিজন পৰ্যটকলৈ অৰ্কিড উদ্যানৰ আহ্বান যে প্ৰতিজনে দিপাৱলীৰ দিনটোত এজোপাকৈ গছ পুলি ৰুপণ কৰি এখন প্ৰদুষণমুক্ত সমাজ গঢ়ি তোলক ৷আনহাতে অৰ্কিড উদ্যানৰ এই আদৰ্শনীয় প্ৰচেষ্টাক শলাগ লৈছে কাজিৰঙা অৰ্কিড উদ্যানলৈ অহা পৰ্যটকসকলে ৷ অৰ্কিড উদ্যানৰ কৰ্মচাৰী সকলে কয় যে এফালে অত্যাধিক বিজুলীৰ অপচয়ৰ কথা বাদ দি যদিহে আতচবাজীৰ কথা চিন্তা কৰা হয় তেন্তে আমি ভাৱো দেৱালীৰ আতচবাজী প্ৰদৰ্শনৰ নামতো কোটি কোটি টকা খৰছ কৰাৰ কোনো অৰ্থ নাই। ধনতকৈও ডাঙৰ তথা প্ৰথমতে অহা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে প্ৰদুষণ। ইয়াৰ ফলত ধোৱা আৰু শব্দকে ধৰি মাটি, পানী আৰু বায়ুত যথেষ্ট প্ৰদূষণৰ সৃষ্টি হয়। কথাষাৰি সকলোৱে জানে যদিও উত্‍সৱৰ আনন্দতে উত্‍সৱ পালন কৰে বুলি ধৰি লব পাৰি। তথাপিও আতচবাজি প্ৰদৰ্শনৰ ক্ষেত্ৰত ৰাইজ অলপ সজাগ হোৱা প্ৰয়োজন। ইফালে উদ্যান দৰ্শন কৰিবলৈ অহা বহিৰাজ্যৰ পৰ্যটকে অৰ্কিড উদ্যানৰ এনে আদৰ্শনীয় পদক্ষেপক শলাগ লৈ কয় যে আতচবাজীত খৰছ হোৱা ধনৰ কথা সামগ্ৰিকভাৱে চিন্তা কৰি অলপ সান্তনা লভিব পাৰি এইবুলি যে আতচবাজীৰ পৰা আয় হোৱা সমগ্ৰ ধনৰ প্ৰায়খিনিয়ে আমাৰ দেশতে ৰয় কাৰণ মধ্যবিত্তই ক্ৰয় কৰা প্ৰায়খিনি আতচবাজীৰ উত্‍পাদন আমাৰ দেশতে হয় সেয়ে ধনখিনিও আমাৰ দেশতে ৰয়। চাইনীজ বস্তু বুলি বিক্ৰী কৰা বহুটো সামগ্ৰী আজিকালি ভাৰততে তৈয়াৰ কৰি ‘মেড ইন চাইনা’ ষ্টিকাৰ লগোৱা হয় বিক্ৰীৰ মাত্ৰা বঢ়াবলৈ। কাৰণ চীনা আতজবাজীৰ প্ৰতি আমাৰ ৰাইজৰ এক টান আছে। অৱশ্যে সেয়া প্ৰথমতে উল্লেখ কৰা ‘নিজৰ বেয়া, আনৰহে ভাল’ মনোবৃত্তিৰ মূৰ্ত প্ৰকাশো হ’ব পাৰে। সি যি কি নহওক আমি এতিয়াও কম যে আতজবাজীৰ প্ৰদৰ্শনকৰি বৃহত্‍ অংকত বায়ুমণ্ডল আৰু শব্দ প্ৰদুষণ কৰি অনাগত ভৱিষ্যত প্ৰজন্মক এখন কদৰ্যময় ধৰণি দি যোৱাৰ আমাৰ কোনো অধিকাৰ ও যুক্তি নাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *