কাজিৰঙাত শিক্ষাৰ্থীৰ গ্ৰীন দীপাৱলী

দীপাৱলী পোহৰৰ উৎসৱ, শব্দৰ নহয়

নিউজ ডেস্ক,কাজিৰঙা লাইভ,২৭ অক্টোবৰ :
আজি দেশজুৰি উদযাপন হব পোহৰৰ উৎসৱ দীপাৱলী ৷ এই উৎসৱ হিন্দুসকলৰ এক পবিত্ৰ উৎসৱ ৷ হিন্দু কেলেণ্ডাৰ অনুসৰি আহিন মাহৰ কৃষ্ণ পক্ষত এই উৎসৱ পালন কৰা হয় ৷ “দছেৰা”ৰ ওঠৰদিনৰ দিনা “ধন-তেৰছ”ৰ হয় আৰু সেইদিনাৰ পৰাই পাছৰ পাচঁদিনলৈ দীপাৱলী বুলি ধৰা হয় আৰু সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে উদযাপন কৰা হয় ৷ নগৰ মহানগৰৰ লগতে কাজিৰঙাতো উদযাপন কৰা হব পোহৰৰ উৎসৱ দীপাৱলী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাৰ বজাৰতো আটচবাজী বেচা-কিনাত ব্যস্ত সকলো ব্যক্তি ৷ দিপাৱলীৰ আনন্দ ফূৰ্তিৰ সময়তে কাজিৰঙাৰ বেচৰকাৰী প্ৰতিষ্ঠান কাজিৰঙা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুৱাইছে এক আদৰ্শ ৷ উল্লেখ্য যে বৰ্তমান দেশৰ সৰ্বত্ৰে পোহৰৰ উৎসৱক লৈ ব্যাপক উৎসাহ -উদ্দীপনা ৷ ইয়াৰ মাজতে কাজিৰঙাত ব্যতিক্ৰমী ৰুপত উদযাপন হল পোহৰৰ উৎসৱ দিপাৱলীৰ ৷ হাতে হাতে গছপুলি লৈ কাজিৰঙাৰ এজাক শিক্ষাৰ্থীৰ গ্ৰীণ দিপাৱলী উদযাপন ৷ গ্ৰীন দীপাৱলী উদযাপন কৰি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ আহ্বান যে দীপাৱলী পোহৰৰ উৎসৱ,এই উৎসৱক শব্দৰ উৎসৱলৈ ৰূপান্তৰিত নকৰিব ৷ উল্লেখ্য যে কাজিৰঙাৰ বেচৰকাৰী শিক্ষানুষ্ঠান কাজিৰঙা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে দিপাৱলীৰ দিনটোত মহাবিদ্যালয়ৰ চৌপাশত গছ পুলি ৰূপন কৰি এখন সেউজ তথা প্ৰদুষণমুক্ত অসম গঢ়াৰ সংকল্প লৈছে ৷ চীনা সামগ্ৰী তথা আটচবাজীৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰি অসমবাসীলৈ ছাত্ৰ ছাত্ৰী সকলৰ আহ্বান যে দিপাৱলীক পোহৰৰ উৎসৱ হিচাবে উদযাপন কৰক,শব্দৰ নহয় ৷ আটচবাজী ফুটাই শব্দ তথা বায়ু প্ৰদুষণ কৰাৰ বিপৰীতে মাটিৰ চাকীৰে উদযাপন কৰক দীপাৱলী ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলৰ মতে দীপাৱলীৰ তিনি চাৰিদিন আগৰ পৰা দীপাৱলীৰ পাছৰ এসপ্তাহ ঘৰৰ ভিতৰে-বাহিৰে অসংখ্য বৈদ্যুতিক লাইট জ্বলাই থোৱাৰ কোনো যুক্তি নাই ৷ উৎসৱৰ দুটা দিনত অৰ্থাৎ কালী পূজা আৰু দীপাৱলীত কেৱল মাটি চাকি জ্বলালেই যথেষ্ট ৷ ৰাইজে অকল উৎসৱৰ আনন্দতে মতলীয়া নহৈ দেশৰ অৰ্থনীতিৰ কথাও অলপ ভাবিব লাগে ৷ বিজুলিবাতিৰ চমক সৃষ্টি কৰি অত্যাধিক বিজুলি অপচয়,আতচবাজী ইত্যাদি ব্যৱহাৰৰ পৰা বিৰত থকাৰ সংকল্প ছাত্ৰ ছাত্ৰীসকলৰ ৷আতচবাজীৰ ফলত শব্দ আৰু বায়ু যথেষ্ট পৰিমাণে প্ৰদুষণ হোৱাৰ বাবেই এনে সিদ্ধান্ত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ ৷ চীনা সামগ্ৰী য়ে দেশৰ অৰ্থনীতিত এক বিৰূপ প্ৰভাৱ পেলোৱাৰ প্ৰতি লক্ষ্য ৰাখি সেইসমুহ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান অসমবাসীক ৷ দেশৰ অৰ্থনীতিৰ উন্নয়নৰ লগতে এখন প্ৰদুষণমুক্ত অসম গঢ় দিয়াৰ লক্ষ্যৰে বন্ধ দিনটোত উপস্থিত হোৱা ছাত্ৰ ছাত্ৰীৰ অসমবাসীলৈ আহ্বান চীনা সামগ্ৰী বৰ্জন কৰি অসমৰ বায়ু-মাটি-শব্দ প্ৰদুষণৰ পৰা ৰক্ষা কৰক ৷ কাজিৰঙা মহাবিদ্যালয়ৰ এই সেউজ দীপাৱলীৰ পদক্ষেপক কাজিৰঙাৰ সচেতন মহলে প্ৰশংসা কৰাৰ লগতে শলাগ লয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *