এন আৰ এল ব্যক্তিগত খণ্ডলৈ যোৱাৰ পথ বন্ধ কৰিবলৈ অসম চৰকাৰে লৈছে যোগাত্মক পদক্ষেপ : মন্ত্ৰী অতুল বৰা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ অক্টোবৰ : ৮৫৫ গৰাকী শ্বহীদ হোৱা ৬ বছৰীয়া অসম আন্দোলনৰ ফচল নুমলীগড় শোধনাগাৰ। ইয়াত অসমীয়াৰ আবেগ-অনুভূতি জড়িত হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ নির্বিনিয়োগ প্ৰক্ৰিয়াৰ যোগেদি নুমলীগড় শোধনাগাৰটো ব্যক্তিগত খণ্ডলৈ যোৱা পথ বন্ধ কৰিবলৈ অসম চৰকাৰে যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিছে। কাজিৰঙা লাইভৰ সাংবাদিকৰ আছুতীয়া সাক্ষাৎকাৰত এনেদৰে কয় কেবিনেট মন্ত্ৰী অতুল বৰাই। ইপিনে বিগত সময়ত নুমলীগড় শোধনাগাৰক ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ প্ৰতিবাদত অসমৰ বিভিন্ন জাতীয় সংগঠনসমূহে প্ৰতিবাদী আন্দোলন কৰি আছে আৰু প্ৰতিবাদী সংগঠনসমূহৰ আন্দোলনকো চৰকাৰে গুৰুত্বসহকাৰে লৈছে বুলিও কয়। উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰক ব্যক্তিগতকৰণৰ প্ৰতিবাদত আন্দোলনৰ চলি থকাৰ মাজতে যোৱা ১২ অক্টোবৰত বোকাখাত সদৰ থানাৰ কাৰ্যালয় গৃহ উদ্বোধন কৰিবলৈ আহি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বিষয়ে অসম চৰকাৰ অৱগত নহয় বুলি মন্তব্য দিয়াৰ পিছত নুমলীগড় শোধনাগাৰ কেন্দ্ৰীক প্ৰতিবাদী আন্দোলন আৰু অধিক তীব্ৰতৰ হয়। আনহাতে আজি কেবিনেট মন্ত্ৰী অতুল বৰাই নুমলীগড় শোধনাগাৰক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা প্ৰক্ৰিয়াক বন্ধ কৰিবলৈ অসম চৰকাৰে যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিছে বুলি কোৱা মন্তব্যতো আশ্বস্ত হ’ব পৰা নাই দল সংগঠনে। পৰৱৰ্তী সময়তে গম পোৱা যাব নুমলীগড় শোধনাগাৰ ব্যক্তিগত খণ্ডলৈ যায় নে নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *