ৰূপজ্যোতি কুৰ্মীক অসভ্য- অসামাজিক আখ্যা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

কাজিৰঙা লাইভ, বোকাখাত, ২৬ অক্টোবৰ: মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী এজন ৰিজেক্টটেত মাল, অসভ্য আৰু অসামাজিক ৷ এনে মানুহ বিজেপি দললৈ আহি টিকিব যে পাৰিব, তাৰ কোনো নিশ্চয়তা নাই ৷ গান্ধী সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই মন্তব্য কৰে ৷ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ লগত সংগতি ৰাখি বিজেপিয়ে গ্ৰহণ কৰা গান্ধী সংকল্প যাত্ৰাৰ কাৰ্যসূচী শনিবাৰে বোকাখাততো ৰূপায়ণ কৰে । বোকাখাত নুমলীগড় নাট্য মন্দিৰ চৌহদৰ পৰা আৰম্ভ কৰি নুমলীগড়, বিহৰা, কুৰুৱাবাহী, ৰজাবাৰী, লখৌজান, ইকৰাজান আদি অঞ্চলৰ মাজেৰে পদব্ৰজে বোকাখাতলৈকে যায় গান্ধী সংকল্প যাত্ৰাকাৰীসকল । নুমলীগড়ত গান্ধী সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰি ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে, কংগ্ৰেছে নিৰ্দিষ্ট কোঠাত বন্দী কৰি ৰখা মহাত্মা গান্ধীক বিজেপিয়ে মুক্ত কৰিছে । গান্ধীৰ আদৰ্শৰে দেশ চাফা কৰিবলৈ ৰাইজক সজাগ কৰাৰ বাবেই এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলিও কয় সাংসদ কামাখ্যা প্ৰসাদ তাছাই । প্ৰতিকূল বতৰ আৰু কিনকিনীয়া বৰষুণৰ মাজতো নুমলীগড়ত গান্ধী সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে পাঁচ শতাধিক দলীয় কৰ্মীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *