কাজিৰঙাৰ সমীপৱৰ্তী কাৰ্বি আংলংৰ ভালুকজুৰিত হাতীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ অক্টোবৰ: নগাঁও কাৰ্বিআংলঙ জিলাৰ সীমান্তৱৰ্তী কাৰ্বিআংলঙ জিলাৰ অন্তৰ্গত ভালুকজুৰিত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ ৷ ভালুকজুৰিৰ ধাননি পথাৰৰ কাষৰ এটা জুৰিৰ পাৰত উদ্ধাৰ হৈছে মৃত হাতীটো ৷ মৃতদেহ উদ্ধাৰ হোৱা স্থানত কাৰ্বি আংলঙৰ বনবিভাগৰ লোক চিকিৎসক সহ উপস্থিত হৈ মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ মৰোণোত্তৰ পৰীক্ষাত হাতীটোৰ শৰীৰত এটা আঘাটৰ চিন পোৱা গৈছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে আঘাটৰ চিনটো গুলীৰ নে আন কিবা সেয়া নিশ্চিত হোৱা নাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *