নুমলীগড়ত জিলা ভিত্তিত মুকলি তৰ্ক প্ৰতিযোগিতা আৰু বঁটা বিতৰণ সভা সম্পন্ন: তৰ্কত পাপৰী-ৰচনাত প্ৰিন্স-চিত্ৰাংকনত গৌতম

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ অক্টোবৰ : নুমলীগড় শোধনাগাৰ ভিজিলেন্স বিভাগৰ উদ্যোগত নুমলীগড় হাইস্কুলৰ সহযোগত আজি অনুষ্ঠিত ‘সততাই সৰল জীৱনৰ প্ৰধান অলংকাৰ’ শীৰ্ষ ২০ বছৰ উৰ্দ্ধৰ জিলা ভিত্তিৰ মুকলি প্ৰাইজমানি তৰ্ক প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে ডি কে ডি কলেজৰ ছাত্ৰী পাপৰী বৰাই। নুমলীগড় হাইস্কুলৰ প্ৰেক্ষাগৃহত শিক্ষাবিদ ৰাতুল ৰাজখোৱাৰ অধ্যক্ষতাত অনুষ্ঠিত জিলা ভিত্তিৰ তৰ্ক প্ৰতিযোগিতাত গোলাঘাট ডি আৰ কলেজৰ ছাত্ৰ শৰৎ চেতিয়া দ্বিতীয় আৰু গোলাঘাট পশ্চিম প্ৰাথমিক শিক্ষা খণ্ডৰ সুৰজিৎ বৰিয়ে তৃতীয় স্থান লাভ কৰে। বিজয়ী প্ৰতিযোগী সকলক মান পত্ৰ, নগদ ধনেৰে পুৰস্কৃত কৰে। ইপিনে নুমলীগড় হাইস্কুলৰ প্ৰধান শিক্ষক মহেন শইকীয়াই আঁত ধৰা বঁটা বিতৰণ অনুষ্ঠানত আজি সতৰ্কতা সজাগতা সপ্তাহ উপলক্ষে এন আৰ এলৰ ভিজিলেন্স বিভাগৰ উদ্যোগত আৰু নুমলীগড় হাইস্কুলৰ সহযোগত গোলাঘাট জিলা ভিত্তিত অনুষ্ঠিত কৰা ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলকো পুৰস্কৃত কৰা হয়। ৰচনা প্ৰতিযোগিতাত দেৰগাঁও কমল দুৱৰা কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্র প্ৰিন্স দত্তই প্ৰথম স্থান, মহুৰামুখ হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্রী প্ৰিয়াক্ষী ঢেকিয়াল ফুকনে দ্বিতীয় স্থান আৰু অমৰ শৰ্মা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্রী দীপ শিখা বৰাই তৃতীয় স্থান লাভ কৰে। ৰ’জ ইংলিচ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্র ওমজ্যোতি হেমৰম, মহুৰা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্রী গৰিমা বৰা আৰু ৰজাবাৰী হাইস্কুলৰ মিনাক্ষী শইকীয়া উদগণিমূলক বঁটা লাভ কৰিবলৈ সক্ষম হয়। আনহাতে চিত্ৰাংকন প্ৰতিযোগিতাত মহুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ গৌতম হাজৰিকা প্ৰথম, নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্রেণীৰ ছাত্ৰ অংকিত তাঁতী আৰু তৃতীয় স্থান লাভ কৰে দেৰগাঁও টাউন হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ময়ূৰপংখী বৰাই। উদ্গনিমূলক পুৰস্কাৰ লাভ কৰে বৰুৱা কচুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ স্মাইল শইকীয়া, মৰঙি দিননাথ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংস্কৃতি তনয়া, অশোক হাজৰিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ধৰিত্ৰী হাজৰিকা আৰু মহুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লক্ষ্যজিৎ ঠেঙালে।

Leave a Reply

Your email address will not be published. Required fields are marked *