গোর্খাৰ তিহাৰ উৎসৱৰ দিনটোক চৰকাৰী বন্ধ ঘোষণাৰ দাবীত আগছুৰ উপায়ুক্তক স্মাৰক প্ৰদান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ অক্টোবৰঃ গোর্খা সকলৰ অন্যতম উৎসৱ তিহাৰ। অতি উলহ মালহেৰে পালন কৰা গোৰ্খা সকলৰ হেঁপাহৰ তিহাৰ উৎসৱৰ দিনটোক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবলৈ সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে কালি গোলাঘাট জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। গোলঘাট জিলা সমিতিৰ সভাপতি সঞ্জীৱ ছেত্ৰী, সম্পাদক মেঘৰাজ সোনাৰ, জিলা সমিতি সদস্য হিতেশ অধিকাৰী আৰু সাংগঠনিক সম্পাদক ৰুদ্ৰ ছেত্ৰীয়ে জিলা সমিতিৰ হৈ স্মাৰক প্ৰদান কৰিবলৈ যোৱা দলটোক জিলা উপায়ুক্তই যোগাত্মক পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰে বুলি জনাইছে । উল্লেখযোগ্য যে পৰম্পৰা অনুসৰি কাতি মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিৰ দিনা গোর্খা সকলে তিহাৰ উৎসৱ পালন কৰি আহিছে। এই বছৰ ভাতৃ-ভগ্নীয়ে ইজনে সিজনৰ প্ৰতি দায়বদ্ধতাৰ সংকল্প লোৱা তিহাৰ উৎসৱ অহা ২৯ অক্টোবৰত অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *