এখন আদৰ্শ বিদ্যালয়, ব্যতিক্ৰমী শিক্ষাদান প্ৰণালীয়ে দৃষ্টি কাঢ়িছে ৰাইজৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ অক্টোবৰ: এক ব্যতিক্ৰমী শিক্ষাদান প্ৰণালী ৷ ৷সাম্প্ৰতিক সময়ত আন্তৰিকতাহীন শিক্ষাদানৰ বিপৰীতে এক দুৰ্লভ শিক্ষাদানৰ অনুশীলন দেখা গ’ল এখন বিদ্যালয়ত ৷ ১৯৮০ চনত প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয়ৰ নাম কাকজান বনুৱা প্ৰাথমিক বিদ্যালয় ৷ আশ্ৰম সদৃশ সেউজীয়াৰে আৱৰা এই বিদ্যালয়খনি প্ৰাদেশিকীকৰণ হয় ১৯৯১ চনত ৷ কাৰ্বি অাংলং জিলাৰ সীমান্তৱৰ্তী গোলাঘাট জিলাৰ পশ্চিম শিক্ষাখণ্ডৰ বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী, অভিভাৱক, পৰিচালনা সমিতি, মাতৃ গোট, স্থানীয় তথা ছাত্ৰ ছাত্ৰী সকলৰ মাজত থকা অন্তৰংগ সম্পৰ্ক, ব্যতিক্ৰমী শিক্ষণ শিকন পদ্ধতি, গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবিয়ে সদায়েই অভিভূত কৰি আহিছে সমগ্ৰ অঞ্চলবাসীক ৷ ১০৫ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বৰ্ত্তমান বিদ্যালয়খনত শিক্ষকৰূপে আছে প্ৰধান শিক্ষক বিকুল শইকীয়া, সহকাৰী সুভাশীষ মুখাৰ্জী, ময়ুৰাক্ষী বৰা আৰু অবৈতনিকভাবে পপী শইকীয়া৷ পৰিচালনা সমিতিৰ সভাপতি চৰণ নাইক আৰু মাতৃ গোটৰ সভানেত্ৰী হেমন্তী পাতৰ ৷ শিক্ষক সকলৰ এনে আন্তৰিকতাপূৰ্ণ ব্যতিক্ৰমী শিক্ষাদানে পাঠ্যক্ৰমসমূহ আকৰ্ষণীয় কৰি তোলাৰ সমান্তৰালভাৱে শিক্ষাৰ্থীসকলক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *