কৃষিমন্ত্ৰীৰ সমষ্টিত কৃষকৰ হাহাঁকাৰ

উচিত মূল্যৰ বজাৰ বিচাৰি হতাশ কাজিৰঙাৰ কৃষক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ অক্টোবৰ :
কৃষিমন্ত্ৰীৰ সমষ্টিত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষকৰ ৷ উপযুক্ত বজাৰ বিচাৰি হতাশ হৈছে দৰিদ্ৰ কৃষকসকল ৷ কাজিৰঙাত কৃষকসকলৰ কষ্টৰ ফচলস্বৰুপ লহপহকৈ বাঢ়ি অহা মাটি মাহৰ কাষত বগা বগা তিলফুলৰ শাৰী ৷ কাজিৰঙাৰ বেজগাওঁৰ কাতিমহীয়া পথাৰত কৃষকৰ মনত আশাৰ সঞ্চাৰ কৰি পুৰঠ হ’বলৈ আৰম্ভ কৰিছে মাতিমাহৰ চিৰাবোৰ ৷উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ কৃষিভূমি সমূহত বন্যপ্ৰাণীৰ উপদ্ৰৱ নিত্যনৈমিত্তিক ঘটনা ৷ প্ৰতিদিনেই কৃষকৰ পথাৰত উপদ্ৰপ চলাই হাতী,গঁড় মহকে ধৰি বিভিন্ন বন্যজন্তুৱে ৷ তাৰমাজতো বন্যপ্ৰাণীৰ পৰা সুৰক্ষা প্ৰদান কৰি কাজিৰঙাৰ বেজগাঁৱৰ জিন্তু নাথ, গোলাপ শইকীয়াকে ধৰি কেইজনমান উদ্যমী নিবনুৱা যুৱকে চাকৰিৰ আশা নকৰি মন দিছে কৃষিকৰ্মত ৷ধানৰ লগতে তেওঁলোকে কৰি আহিছে তিল,ৰঙালাও,আলু, মটৰৰ খেতি ৷ শিক্ষিত যুৱককেইজনে চাকৰিৰ আশা বাদ দি আৰম্ভ কৰা এই খেতি কৰি বিমোৰত তেওঁলোক ৷কিয়নো কৃষি কৰ্মত মনোনিবেশ কৰিলেও উপযুক্ত বজাৰৰ অভাৱত হতাশ হ’ব লগিয়া হৈছে যুৱক কেইজন ৷ উৎপাদিত ধানৰ লগতে শাক পাছলিৰ উপযুক্ত বজাৰ নোহোৱাত আশানুৰূপ ভাৱে লাভাম্বিত হ’ব পৰা নাই উদ্যমী যুৱক সকল ৷ অতি কষ্ট কৰি দৰিদ্ৰ কৃষকে কৰা খেতিৰ ফচল বিক্ৰীৰ সময়ত ধনী মহাজনৰ ওচৰত উচিত বিনিময় লাভ কৰাৰ সামৰ্থ নহয় ৷বিশেষ ভাৱে বহল ভিত্তিত ধান খেতি কৰিবলৈ বজাৰৰ অভাৱে তেওঁলোকৰ মনলৈ আশংকা কঢ়িয়াই আনিছে ৷ কাৰণ খেতি কৰিলেও উপযুক্ত দাম দিব নিবিছাৰে ক্ৰেতাই ৷ গতিকে তেওঁলোকে কৃষিমন্ত্ৰীক আহ্বান জনাইছে যে চৰকাৰৰ আঁচনিৰ অধীনত বিতৰণ ব্যৱস্থাত অসমত উৎপাদিত ধান ক্ৰয় কৰি অসমতে বিতৰণৰ ব্যৱস্থা কৰক ৷ কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰালৈ তেওঁলোকৰ অনুৰোধ এফ চি আইক অসমত উৎপাদিত ধান ক্ৰয় কৰাটো বাধ্যতামূলক কৰাৰ ব্যৱস্থা কৰক ৷ যদি এনে পদক্ষেপ চৰকাৰে হাতত লয় তেন্তে বহিৰাজ্যৰ চাউল চৰকাৰে কিনিব লগীয়া নহয়, সেই চাউল অসমতে উৎপাদন হব ৷ তদুপৰি কাজিৰঙাৰ বহু শিক্ষিত নিবনুৱা যুৱকে এই খেতিত মনোনিবেশ হব ৷ উচিত মূল্য পালে কাজিৰঙাৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাই খেতি কৰি জীৱন নিৰ্বাস কৰিব পাৰিব ৷অন্যথা অসমৰ কৃষক ৰাইজে কৃষি কৰ্ম বাদ দিবলৈ বাধ্য হৈ পৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *