বোকাখাতত ৫০ বস্তা অবৈধ সাঁচি কাঠৰ সৈতে বলেৰ’ পিক আপ ভান জব্দ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ অক্টোবৰ: বোকাখাত আৰক্ষীৰ এটি তহলদাৰী দলে পুৱতি নিশা অভিযান চলাই বোকাখাত নগৰৰ সমীপৰ লতাবাৰীত অবৈধ সাঁচি কাঠৰ সৈতে এখন বলেৰ’ পিক আপ ভান জব্দ কৰে ৷ দেৰগাঁওৰ নাহৰণিৰ পৰা নগাঁৱৰ হোজাইলৈ সাঁচি কাঠ কঢ়িয়াই অনা অৱস্থাত বোকাখাতৰ তহলদাৰী আৰক্ষী দলে বলেৰ’ পিকআপ ভান গাড়ীখন জব্দ কৰে ৷ গাড়ীখনত মুঠ ৫০ বস্তা সাঁচি কাঠ উদ্ধাৰ কৰে বোকাখাত আৰক্ষীয়ে ৷ অভিযান কালত গাড়ী এৰি পলায়ন কৰে গাড়ীখনৰ চালক জন ৷ কোনো ধৰণৰ বৈধ নথি পত্ৰ নথকা ৫০ বস্তা সাঁচি কাঠসহ এ এছ ০৩ বি চি – ৭৮৯৭ নম্বৰৰ বলেৰ’ গাড়ীখন খনত থকা সাঁচি কাঠ বনজ সম্পদ হোৱাৰ বাবে আৰক্ষীয়ে বাহন সহ সাঁচি কাঠ খিনি বোকাখাত বনাঞ্চলৰৰ বনাঞ্চলিক বিষয়াৰ হাতত অৰ্পণ কৰে ৷ কাঠসহ বলেৰ’ গাড়ীখন সম্প্ৰতি বোকাখাত বনাঞ্চলিক বিষয়াৰ জিম্মাত ৰখা হৈছে ৷ সাঁচি কাঠখিনিৰ কিমান মূল্য হ’ব এতিয়াও জানিব পৰা হোৱা নাই ৷ বৈধ নথিপত্ৰ নথকাকৈ সৰবৰাহ কৰা সাঁচি কাঠখিনি বনবিভাগে জব্দ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *