বোকাখাত নাট্যমন্দিৰত মঞ্চস্থ ” সূৰ্য্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ “

কাজিৰঙা লাইভ, বোকাখাত, ২৫ অক্টোবৰ: বোকাখাত নাট্যমন্দিৰত বৃহস্পতিবাৰে নিশা ৰূপজ্যোতি সংঘৰ নিবেদনত মঞ্চস্থ হয় ” সূৰ্য্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ “নামৰ এখন পূৰ্ণাংগ নাট ৷ নাটখনৰ পৰিচালনা কৰে নাট্যকাৰ ৰফিকুল হুছেইনে ৷ সুৰেন্দ্ৰ বাৰ্মাৰ মূল হিন্দী নাটকৰ পৰা নাট খনৰ অসমীয়া অভিযোজনা সুৰেন্দ্ৰ মোহন শৰ্মাৰ ৷ সন্তানহীনা ৰজাৰ উত্তৰাধীকাৰীৰ বাবে ৰাজৰাণীক উপ- স্বামীক গটাই দিয়াৰ কাহিনীৰ উপস্থাপন আছিল নাটখনৰ মূল বিষয় বস্তু ৷ নেৰানেপেৰা বৰষুনৰ মাজটো বহুসংখ্যক দৰ্শকে নাটখন উপভোগ কৰি শলাগ ললে নাটকখনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *