কমাৰগাঁও কলেজৰ আই কিউ এ চি কোষৰ সভা সম্পন্ন

কাজিৰঙা লাইভ, কমাৰগাঁও, ২৪ অক্টোবৰ : আজি কমাৰগাঁও কলেজৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ চমুকৈ আই কিউ এ চি কোষৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। চলিত বৰ্ষৰ মার্চত নাক (এন এ এ চি )ৰ পৰিদৰ্শন আৰু মূল্যায়ণৰ পিছত নৱ গঠিত আই কিউ এ চি কোষৰ কলেজৰ সভা কক্ষত অনুষ্ঠিত সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষা ডঃ বিজুলী বৰচেতিয়াই মহাবিদ্যালয়খনৰ সকলো দিশৰ বিৱৰণ দিয়াৰ লগতে মহাবিদ্যালয়খনে অলপতে বি-প্লাছ গ্ৰেড লাভ কৰাৰ কথা অৱগত কৰাত সন্তোষ প্ৰকাশ কৰি সভাত উপস্থিত থকা বোকাখাত ৰাজহ চক্ৰ বিষয়া খনিন্দ্ৰ দাস আৰু কাৰ্যবাহী দণ্ডাধীশ ৰণোন্ময় ভৰদ্বাজে কলেজখনৰ উন্নয়ণৰ কাৰণে চৰকাৰী তথা আইনগত প্ৰয়োজনীয় সহায় কৰাৰ আশ্বাস প্ৰদান কৰে । ইপিনে আই কিউ এ চি কোষৰ সমন্বয়ক অঞ্জন শইকীয়াই আঁত ধৰা সভাত কৃষি বিষয়া অলকানন্দ কাকতি, স্বাস্থ্য কর্মী বাবুল দাস, ৰাজ্যিক কৃতী শিক্ষা তথা নুমলীগড় হাইস্কুলৰ প্ৰধান শিক্ষক মহেন শইকীয়া, সহযোগী অধ্যাপক গৌতম শইকীয়া, স্থানীয় প্ৰতিনিধি তৰুণ সিং চেতিয়া, গ্ৰন্থাগাৰিক জিতেন্দ্ৰ বৰা, ছাত্ৰ প্ৰতিনিধি বিজয় দাস আদিয়ে মহাবিদ্যালয়খনৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত কৰিব লগা কৰ্মসূচীৰ ওপৰত পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে । সভাত শিক্ষক প্ৰতিনিধি সকলেও অংশ গ্ৰহণ কৰে বুলি সমন্বয়ক অঞ্জন শইকীয়াই জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *