জখলাবন্ধা আৰক্ষীৰ জালত দুই গাড়ী চোৰ

কাজিৰঙা লাইভ, কলিয়াবৰ, ২৪ অক্টোবৰ: জখলাবন্ধা আৰক্ষীৰ বৃহৎ সাফল্য। হোজাই আৰু যোৰহাটত অভিযান চলাই আটক কৰে গাড়ী চুৰি চক্ৰৰ দুই দুধৰ্ষ চোৰ। আটকাধীন চোৰ দুটাৰ নাম মিলন দাস আৰু লোহিত বৰা। জখলাবন্ধা আৰক্ষী থানা এলেকাধীন বাগৰিৰ পৰা চুৰি কৰিছিল এখন ডাম্পাৰ বাহন। জখলাবন্ধা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ধৃত দুই চোৰকেইটাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাড়ী চুৰি কাৰ্য্যৰ লগত জড়িত থকাৰ কথা।

Leave a Reply

Your email address will not be published. Required fields are marked *