ৰাজ্যত ছিণ্ডিকেট দৌৰাত্ম্য অব্যাহত, সাৰি নগল হজ যাত্ৰীও

কাজিৰঙা লাইভ, কলিয়াবৰ, ২৩ অক্টোবৰ: ধৰ্মীয় ভাৱাবেগক আঘাত হানি অসমৰ হজ যাত্ৰী সকলৰ ওপৰত আৰম্ভ কৰা চিণ্ডিকেট বন্ধ কৰাৰ দাবীৰে আজি কলিয়াবৰত প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে ৷ এই সমিতিৰ উদ‍্যোগত দুই শতাধিক পুৰুষ-মহিলাই অৱস্থান ধৰ্মঘট পালন কৰি কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সমুখত তেওঁলোকৰ প্ৰতিবাদ সাব‍্যস্ত কৰে । কেন্দ্ৰীয় হজ কমিটিয়ে পবিত্ৰ হজ যাত্ৰাৰ নামত অসম তথা উত্তৰ-পূৱৰ হজযাত্ৰী সকলৰ পৰা বিমান ভাড়াৰ নামত অত্যাধিক পৰিমানৰ ধন আদায় লোৱাৰ প্ৰতিবাদত এই ধৰ্মঘট পালন কৰে ৷ কেন্দ্ৰীয় হজ কমিটিৰ এই চিণ্ডিকেট বন্ধ কৰাৰ দাবীৰ লগতে অসম চৰকাৰৰ মুখ‍্যমন্ত্ৰী গৰাকীয়ে তেখেতৰ হস্তক্ষেপৰ জৰিয়তে সমগ্ৰ বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি যাতে অতি সোনকালেই এক উচিত তদন্তৰ ব্যৱস্থা কৰে তাৰ বাবেও দাবী জনায় সদৌ অসম গৰিয়া- মৰিয়া যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে ৷ তেওঁলোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে মুম্বাই, দিল্লী, বিহাৰ আৰু উত্তৰ-প্ৰদেশকে ধৰি ভাৰতৰ আন আন ৰাজ‍্যৰ হজ যাত্ৰী সকলে বিমান ভাড়াৰ নামত মাত্ৰ ৫০ হাজাৰ টকা দিয়াৰ বিপৰীতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হজ যাত্ৰী সকলে মুঠ ১ লাখ ১১ হাজাৰ ৪৬৭ টকা আদায় দিব লাগে । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হজ যাত্ৰী সকলে হজ যাত্ৰাৰ নামত মুঠ প্ৰায় ৬২ হাজাৰ টকা অতিৰিক্ত ধন আদায় দিব লগা হৈছে । আনহাতে উমৰাহ হজৰ ক্ষেত্ৰত এজন হজ যাত্ৰীয়ে ৫০-৬০ হাজাৰ টকাৰ ভিতৰতে সমাপন কৰিব পাৰে । কিন্তু একে সময়তে ফৰজ হজৰ বিমান ভাড়াৰ নামতে ইমান অধিক ধন কিয় দিব লাগে বুলিও প্ৰশ্ন কৰে প্ৰতিবাদ কাৰী সকলে ।আৰ্থিক ভাৱে স্বচ্ছল নোহোৱা ব্যক্তিসকলেও কষ্টোপাৰ্জিত ধন বহুদিনৰে পৰা কোনোমতে সাঁচি ৰাখে পবিত্ৰ হজ যাত্ৰাৰ বাবেই ৷ হজ যাত্ৰী সকলৰ ধৰ্মীয় আবেগৰ সুযোগ গ্ৰহণ কৰি হজ যাত্ৰী সকলক হজ যাত্ৰাৰ নামত কৰা এনে বৈষম্যৰ উচিত নিৰপেক্ষ তদন্তৰ দাবী তুলিলে প্ৰতিবাদকাৰী সকলে৷ কলিয়াবৰৰ মহকুমাধিপতিৰ জৰিয়তে ইয়াৰ ক্ষীপ্ৰ তদন্তৰ দাবীৰে অসমৰ মুখ্যমন্ত্ৰীলৈও এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *