বনৰীয়া গাহৰিৰ আক্ৰমণত গৰ্ভৱতী মহিলা সহ আহত তিনি

কাজিৰঙা লাইভ, কলিয়াবৰ, ২৩ অক্টোবৰ: কলিয়াবৰত দিনক দিনে বৃদ্ধি পাব ধৰিছে বন গাহৰিৰ সন্ত্ৰাস । মঙ্গলবাৰে বন গাহৰিৰ আক্ৰমণত উপেন বৰা নামৰ এজন লোকৰ মৃত্যু হোৱাৰ পাছতেই পুণৰ আজি বন গাহৰিৰ আক্ৰমনত গৰ্ভৱতী মহিলা সহ তিনিজন লোক আহত হোৱা ঘটনাই সমগ্ৰ কলিয়াবৰতে চাঞ্চ্যলৰ সৃষ্টি কৰিছে । ঘটনাটো সংঘটিত হৈছে লাওঁখোৱাত । বিয়লি চাৰি বজাত মিনতি মণ্ডল নামৰ গৰ্ভৱতী মহিলা গৰাকীয়ে নিজৰ ঘৰৰ পাছফালে কাম কৰি থকা অৱস্থাত এটা প্ৰকাণ্ড বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰে। আক্ৰমণত গৰ্ভৱতী মহিলা গৰাকী গুৰুত্ব ভাবে আহত হোৱাৰ উপৰিও একেখন গাওঁৰে বজ মণ্ডল আৰু চিৰনজিৎ মণ্ডল নামৰ আন দুজন লোক গাহৰিটোৰ আক্ৰমণত গুৰুত্ব ভাবে আহত হয় । গুৰুত্ব ভাবে আহত তিনিওজনক পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰাই যদিও মিনতি মণ্ডল আৰু চিৰনজিৎ মণ্ডলৰ আঘাট অধিক জটিল হোৱাৰ বাবে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে । তিনিওৰে ঘৰ লাওঁখোৱাৰ ৫ নং বগামুখত বুলি জানিব পৰা গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *