কাজিৰঙাত পথ দুৰ্ঘটনা, দুজন আহত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৩ অক্টোৱৰঃ কাজিৰঙাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ আজি দুপৰীয়া কহঁৰা আৰক্ষী চকীৰ অন্তৰ্গত কাজিৰঙাৰ গেলেকী এন আৰ এল পেট্ৰ’ল পাম্পৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো ৷ খৱৰ অনুসৰি, যোৰহাট অভিমুখী AS 01DB 4759 নম্বৰৰ ফিগ’ গাড়ীখনে পথৰ দাঁতিত ৰখাই থোৱা AP 29 U 7883 নম্বৰৰ এখন ট্ৰাকৰ পাছফালে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷ ফলত ফিগ’ গাড়ী খনত থকা যোৰহাট পুলিবৰৰ নিৱাসী পংকজ বৰুৱা আৰু মৰমী বৰুৱা নামৰ লোক দুজন গুৰুতৰ ভাৱে আহত হয় ৷ আহত দুজনক উদ্ধাৰ কৰি ইতিমধ্যে যোৰহাটলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে যদিও পংকজ বৰুৱাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *