এক নৱেম্বৰৰ পৰা কাজিৰঙাত হাতী ছাফাৰি, প্ৰস্তুতি তুংগত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৩ অক্টোৱৰঃ এক নবেম্বৰত কাজিৰঙাত পৰ্যটকৰ বাবে আৰম্ভ হ’ব হাতী ছাফাৰী ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সূত্ৰই প্ৰকাশ কৰা ম’তে, কহঁৰা আৰু বাগৰি বনাঞ্চলত হাতী ছাফাৰীৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ কহঁৰা বনাঞ্চলত বিভাগীয় হাতী ছাফাৰি হোৱাৰ বিপৰীতে বাগৰি বনাঞ্চলত ব্যক্তিগত হাতী ছাফাৰি চলিব । ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে বিভাগীয় হাতী সমূহৰ স্বাস্থ্য পৰীক্ষণৰ লগতে ব্যক্তিগত হাতী সমূহৰো পৰীক্ষণ তথা তথ্য-পত্ৰ পৰীক্ষণৰ কাম আৰম্ভ কৰিছে ৷ অহা এক নৱেম্বৰত সুকলমে হাতী ছাফাৰি আৰম্ভ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ গগৈয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *