কাজিৰঙাত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৩ অক্টোৱৰঃ কাজিৰঙাত উদ্ধাৰ এটা কাছ ৷ যোৱা নিশা কাজিৰঙাৰ কহঁৰাৰ বিশ্বজিৎ ছেত্ৰী নামৰ যুৱকজনে উদ্ধাৰ কৰে Indian Softshell Turtle প্ৰজাতিৰ দুষ্প্ৰাপ্য কাছটো ৷ কহঁৰা এটি জন পদপথত বিচৰণ কৰা অৱস্থাত কাছটো প্ৰত্যক্ষ কৰি যুৱক জনে কাছটো উদ্ধাৰ কৰি বনবিভাগৰ লোকক চমজাই দিয়ে ৷ কাছটো বনবিভাগৰ লোকে পাছত কাজিৰঙাৰ অৰণ্যত মুকলি কৰি দিয়ে ৷ স্থানীয় ভাষাত Indian Softshell Turtle ক গংগা কাছ বুলি জনা যায় বুলি জানিব দিছে কাজিৰঙাৰ সহঃ বন সংৰক্ষক ৰিতুপৱন বৰাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *