আজিও উত্তাল নুমলীগড়

নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজপথত প্ৰতিবাদী সমদল ও শোধনাগাৰৰ মুখ্যদ্বাৰ ঘেৰাও,সহযোগ চূতীয়া জাতি ছাত্ৰ সন্থাৰ

প্ৰিয়ংদ্বীপ কাকতি, কাজিৰঙা লাইভ, মৰঙী, ২২ অক্টোবৰ : অসমৰ আবেগ – স্বাভিমান জড়িত নুমলীগড় তেল শোধনাগাৰে ৰাজ্যৰ থলুৱা নিৱনুৱা সকলৰ নিয়োগেৰে উত্তৰ পূবাঞ্চলৰ অথনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহাৰ সময়তে এই তেল শোধনাগাৰটো ব্যক্তিগত কৰণৰ বিৰুদ্ধে যোৱা কেইবাদিনো ধৰি অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ ধৰ্ণা,প্ৰতিবাদ । একপ্ৰকাৰৰ প্ৰতিবাদৰ থলীলৈ পৰিণত হৈছে নুমলীগড় । কিন্ত প্ৰকৃতাথত এন আৰ এলৰ ভৱিষ্যত আৰু বি পি চি এলৰ অংশ ক্ৰয়ৰ ক্ষেত্ৰত আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰ নাইবা ৰাজ্য চৰকাৰে কোনোধৰণৰ স্থিতি স্পষ্ট নকৰাত ষড়যন্ত্ৰৰ সূচনা হোৱাৰো সন্দেহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে সচেতন জনতাৰ লগতে অসমৰ বিভিন্ন দল-সংগঠনেও ৷ “৮৫৫ জন শ্বহীদৰ কেচা তেজৰ বিনিময়ত গঢ় লৈ উঠা নুমলীগড় কোনো চৰকাৰৰে দায়িত্বশীল মন্ত্ৰী- বিষয়া সকলৰ পৈতৃক সম্পত্তি নহয় । কোনো কাৰণত নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগত কৰণ হব নোৱাৰে । প্ৰয়োজন হলে আৰু শ্বহীদ হবলৈ সাজু অসমীয়া যুৱক” বুলি উল্লেখ কৰি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শ শ লোকৰ উপস্থিতি ত নুমলীগড়ৰ বিষ্ণুপুৰত এন আৰ এল ব্যক্তিগত কৰণৰ বিৰুদ্ধে গঢ়ি তোলা গন সমাৱেশ স্থলীত হুংকাৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শ শ লোকে অংশ লোৱা গনসমাৱেশ স্থলীত শ্বহীদৰ স্মৃতি ৰোমন্থন কৰি এগছি বন্তি জ্বলাই চাংমাইয়ে কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ কোনো কাৰণত সহ্য কৰা নহব বুলি হুংকাৰ প্ৰদান কৰে । গনসমাৱেশ স্থলী ৰ পৰাই কেন্দ্ৰীয় চৰকাৰ হায় হায় ধ্বনি ৰে শ শ প্ৰতিবাদী য়ে ৩৯ নং ঘাইপথেৰে এন আৰ এলৰ মূখ্যদ্বাৰ লৈ সমদল উলিয়াই । মূখ্যদ্বাৰ ঘেৰাও কৰি এন আৰ এল ব্যক্তিগত কৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ ছাত্ৰ পৰিষদে । প্ৰতিবাদ স্থলী ত অনুষ্ঠিত হয় প্ৰতিবাদী সভাও । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাইবা মূখ্যমন্ত্ৰী সবানন্দ সোনোৱালৰ এন আৰ এলটো কোনো পৈতিক সম্পত্তি নহয় বুলি প্ৰতিবাদ সভাত হংকাৰ প্ৰদান কৰি এই অধিকাৰ অসমৰ ৰাইজৰ বুলি হে দাবী কৰে কেইবাজনো বক্তাই । ইফালে একেসময়তে ব্যক্তিগত কৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চূতীয়া জাতি ছাত্ৰ সন্থাই ও এন আৰ এলৰ মূখ্যদ্বাৰ কপাই তোলে । উল্লেখ্য যে যি সময়ত নুমলীগড় শোধনাগাৰ এক লাভজনক উদ্যোগ হিচাপে অসমৰ জনসাধাৰণৰ গৌৰৱৰ উৎস হৈ পৰিছে, যি উদ্যোগ ৰ সৈতে অসমীয়া নিৱনুৱা সকলৰ ভৱিষ্যতৰ প্ৰশ্ন জড়িত হৈ আছে সেই উদ্যোগ ক লৈ আচলতে কোনে ষড়যন্ত্ৰ ৰচিছে সেয়া অসমৰ জনতাৰ কোটিটকীয়া প্ৰশ্ন হিচাপে পৰিগনিত হৈছে । ৰাজহুৱা উদ্যোগ ৰ মান মৰ্যাদা অখুন্ন ৰাখি শ শ শ্বহীদ ৰ প্ৰাণ বলিদানৰ আৱেগ জড়িত এন আৰ এল ক লৈ সঠিক সিদ্ধান্ত নাইবা স্পষ্ট নীতি এইপযন্ত চৰকাৰে কিয় গ্ৰহণ কৰা নাই, সেয়া প্ৰতিবাদ কাৰীৰ নিতৌ প্ৰশ্ন? কিন্তু উত্তৰ দিব কোনে । অইলৰ লগত চামিলকৰন হবনে এন আৰ এল নে কোনো বহিৰাগত পূজিপতিৰ হাতলৈ যাব এন আৰ এলৰ প্ৰভূতাংশ গ্ৰহণ কৰি অহা বি পি চি এলৰ অংশ । আদানি -আম্বানী গ্ৰোপক বিক্ৰী কৰাৰেই চক্ৰান্ত নে কি ? এয়া মূখে মূখে উদ্ভাসিত হৈছে । চৰকাৰৰ পৰা নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ ৰ অনুমতি লাভ কৰি ইতিমধ্যে যাৱতীয় কায্য সমাপন কৰাৰ সময়তে এনেধৰনৰ পৰিৱেশ সৃষ্টি হোৱাত অসমৰ লাখ লাখ নিৱনুৱাৰ আশা আকাংক্ষা ত চেচাপানী ঢালিবনেকি বুলিও প্ৰশ্ন সচেতন মহলৰ । এই ক্ষেত্ৰত চৰকাৰে কি সুদুৰপ্ৰসাৰী পদক্ষেপ গ্ৰহ ণ কৰে সেয়া লক্ষণীয় হব।

Leave a Reply

Your email address will not be published. Required fields are marked *