কমাৰগাঁও-মহুৰামুখত প্ৰগতি আত্ম সহায়ক গোটৰ স্বচ্ছ ভাৰত অভিযান

কাজিৰঙা লাইভ, মহুৰামুখ, ২২ অক্টোবৰ : বোকাখাত বিধানসভা সমষ্টিৰ মহুৰা মৌজাৰ মহুৰামুখ আৰু কমাৰগাঁৱত প্লাষ্টিক আৱৰ্জনা নিষ্কাষণৰ ওপৰত সজাগতা আৰু চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে প্ৰগতি আত্ম সহায়ক গোটে। গোলাঘাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত কমাৰগাঁও অঞ্চলৰ অগ্ৰণী উক্ত গোটটোৰ কৰ্মকতা সকলে আজি কমাৰগাঁও কলেজ তিনি আলিত আৰম্ভ কৰি মহুৰামুখ চাৰি আলি, মহুৰামুখ সাপ্তাহিক বজাৰ আদি চঞ্চলত দম হৈ থকা প্লাষ্টিকসমূহ বুটলি চাফা কৰাৰ লগতে নিষ্কাষণৰ কাৰণে যাৱতীয় ব্যৱস্থা কৰে। ইয়াৰোপৰি কমাৰগাঁও আৰু মহুৰামুখ অঞ্চলৰ দোকানে দোকানে গৈ দোকানীৰ সৈতে মত বিনিময়ত কৰি প্লাষ্টিকৰ আপকাৰিতাৰ সম্পৰ্কে অৱগত কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিবলৈ আহ্বান জনায় গোটটোৰ কৰ্মকর্তা সকলে। যুৱ সমাজকর্মী বেদব্ৰত বৰাই উদ্বোধন কৰা স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মণ্ডল সমন্বয়ক প্ৰাঞ্জল শৰ্মা, কমাৰগাঁও গ্ৰাম্য টেক্সী সন্থা, সমাজকৰ্মী বংশীধৰ বৰা, অনন্ত শইকীয়া, ধনমণি ভূঞা, বেদব্ৰত বৰা,ৰতন হাজৰিকা,কাঞ্চন বৰুৱা, অজিত চেত্ৰী, কবিৰ আহমেদ, প্ৰাক্তন সৈনিক বিষয়া ভদ্ৰ গগৈ, নিতুল দাস আদিয়ে। গোটৰ জনহিতকৰ কাৰ্যক সকলোৱো আদৰণি জনায়। আজিৰ এই চাফাই অভিযানত অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়োৱা দল-সংগঠন আৰু স্থানীয়লোক সকলক বিশেষ ভাৱে কৃতজ্ঞতা জনাইছে প্ৰগতি আত্ম সহায়ক গোটে।

Leave a Reply

Your email address will not be published. Required fields are marked *