বীৰ শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ শেষকৃত সম্পন্ন: তেৰবছৰীয়া পুত্ৰ সাহিলৰ মুখাগ্নি

ধনশিৰীৰ পৰা অনুজ বৰা, কাজিৰঙা লাইভ, ২২ অক্টোৱৰ: দেশ মাতৃৰ সুযোগ্য বীৰ সন্তান পদম বাহাদুৰ শ্ৰেষ্ঠৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া আজি সন্পূৰ্ণ সামৰিক মৰ্যদাৰে বীৰ শ্বহীদ গৰাকীৰ গৃহভূমি বৰপথাৰ মৌজাৰ হাতীঘূলি গাঁৱত সম্পন্ন কৰা হয় ৷ দেশৰ সুৰক্ষাৰ বাবে কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত পাকিস্থানী সেনাৰ অপ্ৰৰোচিত গুলীবৰ্ষণত ১৯ অক্টোবৰত বীৰ গতি লাভ কৰা ৩৯ নং গোৰ্খা ৰেজিমেণ্টৰ জোৱান হাবিলদাৰ পদম বাহাদুৰ শ্ৰেষ্ঠৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়াত সমাগম হয় বিশ সহস্ৰাধিক লোকৰ ৷ শোকাকুল পৰিবেশত সম্পন্ন অন্ত্যেষ্টিক্ৰিয়াত সামৰিক বাহিনীয়ে একৈশজাঁই টোপধ্বনিৰে সন্মান জনোৱাৰ পিছত শ্বহীদগৰাকীৰ জ্যেষ্ঠ পুত্ৰ সাহিল শ্ৰেষ্ঠই ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে পিতৃৰ মুখাগ্নি কৰে । ইয়াৰ পূৰ্বে শ্বহীদগৰাকীৰ স্থলপথেৰে ডিমাপুৰৰ পৰা আহি ধনশিৰি মহকুমাত প্ৰৱেশ কৰাৰ লগে লগে চুঙাজান, নাওজান, সৰুপথাৰ, বৰপথাৰ আদিত মূল পথৰ দুয়োকাষে সহস্ৰজনে শাৰী পাতি পুষ্প বৃষ্টিৰে শ্বহীদগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ ইয়াৰোপৰি শ্বহীদ জনাৰ নশ্বৰ দেহ ধনশিৰিত প্ৰৱেশ কৰাৰ লগে লগেই এক বিশাল বাইক ৰেলীৰে ‘পাকিস্তান মুৰ্দাবাদ’, ‘ভাৰতীয় সেনা জিন্দাবাদ’, ‘পদম বাহাদুৰ অমৰ হওক’ আদি ধ্বনিৰে তেওঁৰ পৈতৃক গৃহলৈ আগবঢ়াই আনে । উক্ত শেষকৃত অনুষ্ঠানত সেনাবাহিনীৰ বিষয়ববীয়াসহ ৰাজ্য চৰকাৰৰ হৈ কৃষিমন্ত্ৰী অতুল বৰা, গোলাঘাটৰ উপায়ুক্ত, ধনশিৰিৰ মহকুমাধিপতি, গোলাঘাটৰ আৰক্ষী অধীক্ষক, স্থানীয় বিধায়িকাৰ লগতে বহু গন্য-মান্য ব্যক্তি উপস্থিত থাকি শ্বহীদজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে ধনশিৰি মহকুমাৰ অন্যতম ব্যৱসায়িক চহৰ বৰপথাৰ নগৰৰ ব্যৱসায়ী সকলে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠান সমূহ আবেলি দুই বজাৰ পৰা বন্ধ ৰাখি শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *