সুশৃংখল ৰূপত কাজিৰঙাত দেৱী প্ৰতিমা বিসৰ্জন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ অক্টোবৰ : সামৰণি পৰিল শাৰদীয় দুৰ্গোৎসৱৰ ৷ বেদী এৰি ঘোৰাঁৰে গমন দুৰ্গতিনাশিনী দুৰ্গা দেৱীৰ ৷ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কাজিৰঙাৰ কহঁৰা বাৰোৱাৰী পূজামণ্ডপৰ পৰাও বিদায় মাগিলে দেৱী দুৰ্গাই ৷ প্ৰতিমা বিসৰ্জনৰ আগমুহূৰ্ত্তত ঢাক-ঢোল,ঝুমুইৰৰ তালে তালে ভক্ত সকলে নাছি বাগি কাজিৰঙাৰ ৰাজপথেৰে এক শোভাযাত্ৰা উলিয়াই ৷ প্ৰতিকুল বতৰৰ মাজতে দুৰ্গতিনাশিনী দেৱী দুৰ্গাক অশ্ৰুসিক্ত নয়নেৰে ভক্তপ্ৰাণ ৰাইজে কহঁৰা নৈত দিলে দেৱী বিসৰ্জন ৷

Leave a Reply

Your email address will not be published. Required fields are marked *