শিলঘাট ৰাজ্যৰাণী এক্সপ্ৰেছত অচেতন অৱস্থাত উদ্ধাৰ দুই মহিলা সহ তিনিজন লোক

কাজিৰঙা লাইভ, কলিয়াবৰ, ৭ অক্টোবৰ :
দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে ধুবুৰীৰ পৰা শিলঘাটলৈ চলাচল কৰা ধুবৰী-শিলঘাট ৰাজ‍্যৰাণী এক্সপ্ৰেছত ঘটিল ডকাইটি কাণ্ড ৷গুৱাহাটীলৈ পূজা চাবলৈ অহা দুই মহিলা সহ তিনিজনক নিচা জাতীয় সামগ্ৰী খোৱাই লুটপাত কৰিলি দুৰ্বৃত্তৰ এটি দলে ৷ ইফালে নিচাত জ্ঞান হেৰুৱাই দুই মহিলা সহ তিনিজন যাত্ৰী পালেহি শিলঘাট ৰেল ষ্টেচন । শিলঘাটত ৰেল আৰক্ষীয়ে ৰেলৰ দবাৰ ভিতৰত অচেতন অবস্থাত উদ্ধাৰ কৰি জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও দুই মহিলাৰ এতিয়াও জ্ঞান ঘুৰি অহা নাই । আৰক্ষীৰ পৰা পোৱা তথ্য মতে তেওঁলোকৰ পৰিচয় ধুবুৰী বগৰীবাৰীৰ ক্ৰমে মধুসূদন সাহা, লক্ষ্মী সাহা আৰু সুচিত্ৰা সাহা ।তেওঁলোকৰ সম্পূৰ্ণ জ্ঞান ঘুৰি অহাৰ পাছতহে সবিশেষ জানিব পৰা যাব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *