কলিয়াবৰত দূৰ্গোৎসৱৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিলে নামঘৰৰ মূল্যৱান সামগ্ৰী, অৰিহনাৰ ধন

কাজিৰঙা লাইভ, কলিয়াবৰ,৭ অক্টোবৰ : সমগ্ৰৰ ৰাজ্যত এতিয়া দুৰ্গা পূজাৰ উৎসাহ উদ্দীপনা ৷ ইয়াৰ মাজতে কলিয়াবৰৰ নলতলী গাওঁৰ বৰ নামঘৰত নিশা চোৰে চলালে চুৰি কাৰ্য্য । গাঁৱৰ মানুহ পূজা চাবলৈ যোৱাৰ সুযোগ গ্ৰহণ কৰি বৰ নামঘৰৰ পৰা চোৰে লুটি নিলে নগদ ধন সহ মূল্যৱান বহু সামগ্ৰী । পুৱা নামঘৰীয়াই নামঘৰ পৰিস্কাৰ কৰিব আহি প্ৰত্যক্ষ কৰে সমগ্ৰ দৃশ্য । নামঘৰীয়াই গাৱঁৰ ৰাইজক খবৰ দিয়াত ৰাইজ নামঘৰত উপস্থিত হৈ স্থানীয় চুলুং আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি তদন্ত আৰম্ভ কৰিছে যদিও চুৰি কাণ্ডৰ লগত জড়িত কোনো দুৰ্বৃত্তক বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই চুলুং আৰক্ষী ৷

Leave a Reply

Your email address will not be published. Required fields are marked *