মহাষ্টমীত হিন্দু মুছলমানৰ মিলনথলীত পৰিণত কাকগোসানী থান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ অক্টোবৰ: পবিত্ৰ মহাষ্টমী দিনা সমগ্ৰ ৰাজ্যতে উৎসৱমুখৰ পৰিবেশ ৷ পুৰোহিতৰ মন্ত্ৰোচাৰণত মন্ত্ৰমুগ্ধ প্ৰতিখন পূজাস্থলী ৷ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাতো উদযাপন কৰা হৈছে মহাষ্টমী পূজা ৷ আহোম ৰজা গদাধৰ সিংহ স্মৃতি বিজড়িত কাজিৰঙাৰ শ্ৰী শ্ৰী কাকগোসানী মহামায়া দুৰ্গা থানত প্ৰতিবছৰৰ দৰে এইবছৰো মহ,ছাগলী,হাহঁ ,পাৰৰ বলি বিধান প্ৰক্ৰিয়াৰে দেৱীৰ চৰণত উৎসৰ্গা কৰিছে ভক্তসকলে ৷ষষ্ঠীৰ সন্ধ্যা বেলবৰণৰ পৰাই চাৰিদিনীয়া কাৰ্য্যসুচীৰে আয়োজিত এই পূজাত জাত কুল ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি হাজাৰ হাজাৰ ভক্তই সেৱা আগবঢ়াইছে ৷ প্ৰায় তিনিশ বছৰৰ পৰা এই থানত চলি আহিছে বলি বিধান প্ৰথা ৷ এই থানত মহাষ্টমীৰ দিনা সম্পন্ন হৈছে সাতটা মহ বলিৰ লগতে তিনি শতাধিক ছাগলী ,পাচঁ শতাধিক হাহঁ-পাৰ বলি বিধান ৷ ১৭ শতিকাত স্থাপন হোৱা কাকগোসানী থানখনেই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰক্ষা কৰি আহিছে বুলি এক জনবিশ্বাস গঢ়ি উঠিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গড়ঁৰ সুৰক্ষাৰ বাবেও প্ৰতিবছৰৰ দৰে এইবছৰো বিশেষ পূজা আগবঢ়োৱা হৈছে বুলি জানিবলৈ দিয়ে থান পৰিচালনা সমিতিয়ে ৷ আজি মহাষ্টমীৰ দিনা প্ৰায় সাত হাজাৰ ভক্ত সমাগম হয় ঐতিহ্যবিজড়িত থানখনত ৷উল্লেখ্য যে কেৱল হিন্দু ধৰ্মৰ ভক্তই যে ইয়াত পূজা অৰ্চনা আগবঢ়াই তেনে নহয়,অন্যান্য সম্প্ৰদায়ৰ লগতে বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ ভক্তইও নৈবদ্য আগবঢ়োৱা পৰিলক্ষিত হল কাকগোসানী থানত ৷ এক প্ৰকাৰ হিন্দু- মুছলমানৰ মিলনথনীত পৰিণত হৈ পৰিল কাকগোসানী থান ৷ যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হোৱা নাই তথাপিও একাংশ বহিৰাজ্যৰ পৰ্যটকে ভৰি পৰিছে কাজিৰঙাত ৷ এইসকল পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে ঐতিহ্যবিজড়িত থানখন ৷ একাংশ পৰ্যটকে নৈবদ্য সহ সেৱা আগবঢ়াই দেৱীৰ ওচৰত আশীৰ্বাদ লোৱা পৰিলক্ষিত হল ৷ ইয়াৰোপৰি পলিথিন বৰ্জনৰ ক্ষেত্ৰতো মন্দিৰ পৰিচালনা সমিতিয়ে বিশেষ পদক্ষেপ হাতত লৈছে ৷ প্ৰতিজন ভক্তক নৈবদ্যসমুহ খৰাহি অথৱা কাগজৰ মোনাত আনিবলৈ আহ্বান জনাইছিল থান পৰিচালনা সমিতিয়ে ৷ থান পৰিচালনা সমিতিৰ এই প্ৰচেষ্টাক শলাগ লৈছে প্ৰতিজন ভক্তই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *