দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে বোকাখাতত পথ দুৰ্ঘটনা, আহত ২০*

কাজিৰঙা লাইভ, বোকাখাত, ৮ অক্টোবৰ :
দুৰ্গোৎসৱৰ উৎসাহ-উদ্দীপনাৰ মাজতে অঘটন বোকাখাতৰ লতাবাৰীত ৷ দশমীৰ সন্ধিয়া বোকাখাতৰ লতাবাৰীত চলন্ত মালবাহী মেজিক ৰাজপথতে বাগৰি পৰে ৷ মালবাহী মেজিকখনত বোকাখাতৰ মেথনী আৰু পানবাৰীৰ মহিলা, যুৱতী আৰু শিশুসহ আছিল ২০ জনকৈ লোক আছিল ৷ দুৰ্ঘটনাটোত কম-বেছি পৰিমানে সকলোৱেই আঘাটপ্ৰাপ্ত হয় ৷ আৰক্ষী আৰু স্থানীয় ৰাইজ মিলি সকলোকে বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ বোকাখাতত দশমী পূজা উপভোগ কৰি ঘৰলৈ উভতি অহাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ ইয়াৰে মহিলা আৰু যুৱতীসহ সাতজনৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ সংকটজনক আটাইকে উন্নত চিকিৎসাৰ বাবে JMCH লৈ প্ৰেৰণ কৰে ৷ বাকীসকলৰ অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰা AS 05 C 8310 নম্বৰৰ মালবাহী মেজিকখন স্থানীয় ৰাইজে উঠাই দিয়াৰ পাছতেই চালকে লৈ পলায়ণ কৰে ৷ পলায়ণ কৰা মেজিকখন কাজিৰঙাৰ গেলেকীৰ বুলি জানিব পৰা গৈছে ৷ বোকাখাত আৰক্ষীয়ে পলায়ণ কৰা মেজিকখনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ দশমীৰ দিনা দি থকা প্ৰৱল বৰষুণৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *