হাতত বন্দুকলৈ সাপ্তাহিক বজাৰত মন্ত্ৰী অতুল বৰা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ অক্টোবৰ: পূজাৰ বতৰত হাতত পুতলা বন্দুক লৈ নষ্টালজিক হ’ল কৃষিমন্ত্ৰী অতুল বৰা ৷ সপ্তমী পূজাত কাজিৰঙাৰ পূজা থলী সমূহত উপস্থিত হ’ল মন্ত্ৰী বৰা ৷ পূজাস্থলীত উপস্থিত থকা স্থানীয় ৰাইজৰ স’তে মত বিনিময় কৰি মন্ত্ৰী গৰাকীয়ে পূজাৰ মেলাতো এপাক ফুৰে ৷ ইয়াৰ মাজতে কাজিৰঙাৰ হাতীখুলি বাগিছাৰ পাছলি বজাৰত মন্ত্ৰী বৰাই কিনিলে কাৰ্বি পাহাৰৰ লাও, কোমোৰা জলকীয়া, কল আদি ৷ আনহাতে হাতীখুলিৰ বজাৰত হাতত খেলনা বন্দুক লৈ নষ্টালজিক হৈ পৰিল মন্ত্ৰী গৰাকী ৷ ল’ৰালিৰ স্মৃতি ৰোমন্থন কৰি সংবাদ মাধ্যমক ক’লে, সৰুতে নিজ ককা, ওচৰ চুবুৰীয়াৰ লগত পূজা চাবলৈ গৈ বেছিকৈ আকৰ্ষিত হৈছিল খেলনা বন্দুকৰ প্ৰতি ৷

Leave a Reply

Your email address will not be published. Required fields are marked *