কাজিৰঙাৰ জনাঞ্চলত ঢেঁকীয়াপতিয়া বাঘৰ সন্ত্ৰাস

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ অক্টোবৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যোৱা এটা ঢেকীয়াপতীয়া বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ দাঁতি কাষৰীয়া কাৰ্বিআংলঙৰ গ্ৰামাঞ্চলত ৷ জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত কেমেৰাত বন্দী হোৱা মতা বাঘটোক কাজি ১৮২ নম্বৰ হিচাবে চিহ্নিত কৰা হৈছিল ৷ কেমেৰা ট্ৰেপিঙত পোৱা তথ্য মতে বাঘটো যোৱা জুন মাহলৈকে ৰাষ্ট্ৰীয় উদ্যান খনতে আছিল ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰা ওলাই যোৱা বাঘটোৱে কাৰ্বি আংলঙৰ ইনজাই, চিলিমখোৱা,কাঞ্চনজুৰি আদি গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰি ২০টাৰো অধিক ঘৰচীয়া জীৱজন্তু নিধন কৰিছে বুলি জানিব পৰা গৈছে ৷ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চি ডব্লিউ আৰ চি,ডব্লিউ ডব্লিউ এফ ৰ সহযোগত বাঘটো ধৰিবলৈ ছাগলী সহ একাধিক পিঞ্জৰা স্থাপন কৰিছে যদিও বাঘটো পিঞ্জৰা বদ্ধ কৰিব পৰা নাই ৷এই সন্দৰ্ভত গাঁও বাসীৰ সন্পূৰ্ণ সহযোগ লাভ কৰিছে বুলি বন বিভাগে প্ৰকাশ কৰিছে ৷কালি এন টি চি এৰ বিশেষজ্ঞ অংগথা মমিনে ক্ষেত্ৰ অধ্যয়ন কৰে ৷

Photo: Kaziranga Authority

Leave a Reply

Your email address will not be published. Required fields are marked *