মহাসপ্তমীত বোকাখাতৰ পূজা মণ্ডপত কৃষিমন্ত্ৰী অতুল বৰা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ অক্টোবৰ : আজি পবিত্ৰ সপ্তমী পূজা। মহা সপ্তমীৰ সন্ধ্যা শতবৰ্ষ গৰকা বোকাখাত বাৰোৱাৰী পূজা মণ্ডপত উপস্থিত হ’ল অগপ সভাপতি, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ৷ ব্যক্তিগত অসুবিধাৰ বাবে মণ্ডপত দেৱীৰ চৰণত সেৱা নললেও দূৰৰ পৰা দেৱীৰ আশীষ ললে মন্ত্ৰীগৰাকীয়ে ৷ লগতে সমগ্ৰ অসমবাসীক শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেৱী দূৰ্গাৰ আশীষে যাতে সকলোৰে অসুয়া-অমঙ্গল নাশ কৰে তাকে কামনা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *