বোকাখাতত বলি বিধান প্ৰক্ৰিয়াৰে সপ্তমী পূজা উদযাপন

কাজিৰঙা লাইভ,বোকাখাত,৫ অক্টোবৰ: আজি পবিত্ৰ সপ্তমী পূজা ৷ আহোম ৰজা গদাধৰ সিংহই প্ৰতিষ্ঠা কৰা ইতিহাস বিজড়িত বোকাখাতৰ শ্ৰী শ্ৰী চাটনি কাকগোঁসানী থানত আজি শাক্তধৰ্মী প্ৰথাৰে সপ্তমীৰ পূজা অনুস্থিত হয় ৷ শতাধিক হাঁহ,অৰ্ধ শতাধিক ছগলী বলি দি ভক্তই কাকগোসানীৰ পৰা মংগল কামনা কৰে ৷ কালিলৈ মহা অষ্টমীত থান খনত চাৰি ভাগ বৰ বলি ( মহ) দিব ৷ ইফালে শতবৰ্ষ অতিক্ৰম কৰা বাৰোৱাৰী পূজা, ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিছে ৰজাবাৰী পূজা মণ্ডপে ৷ দক্ষিণ বোকাখাত, সাপজুৰি, কুৰুৱাবাহী তিনি আলি,নিকৰী ঘাট,বৰজুৰি,পূব বোকাখাতৰ লগতে বিভিন্ন চাহ বাগিছাতো আজি নীতি নিয়মৰ মাজেৰে সপ্তমী পূজা অনুস্থিত হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *