পূজাত বন্দুক-পিষ্টলৰ পৰিবৰ্তে আপোনাৰ সন্তানৰ হাতত তুলি দিয়ক এখন কিতাপ

কাজিৰঙা লাইভ,বোকাখাত , ৫ অক্টোবৰ: শাৰদীয় দূৰ্গা পূজাত আপোনাৰ সন্তানটোৰ হাতত বন্দুক পিষ্টলৰ পৰিৱৰ্তে তুলি দিয়ক এখন সুন্দৰ কিতাপ বাণীৰে বোকাখাতত প্ৰয়াস অধ্যয়ণ চক্ৰই আৰম্ভ কৰিছে গ্ৰন্থ বিপ্লৱ ৷ ২০০০ চনত আৰম্ভ হোৱা এই বিপ্লৱ ষষ্ঠীৰ সন্ধ্যাৰ পৰা এইবাৰো আৰম্ভ হৈছে ৷ গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চোৱাৰ হাবিয়াস কৰা প্ৰয়াস অধ্যয়ন চক্ৰৰ এই গ্ৰন্থমেলা মুকলি কৰে বিশিষ্ট সাংবাদিক ভৱেশ শইকীয়াই ৷ গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাও অনুস্থিত হয় ৷ প্ৰয়াসৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক বোকাখাতবাসীয়ে আদৰণী জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *