কাকগোসানী থানত বলি বিধানেৰে আৰম্ভণি সপ্তমী পূজা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ অক্টোবৰ : আজি পবিত্ৰ সপ্তমী পূজা ৷ সমগ্ৰ ৰাজ্যতে এতিয়া উৎসৱমুখৰ পৰিবেশ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাতো সপ্তমী পূজা অনুষ্ঠিত হৈছে ৷ আহোম ৰজা গদাধৰ সিংহ স্মৃতি বিজড়িত কাজিৰঙাৰ শ্ৰী শ্ৰী কাকগোসানী মহামায়া দুৰ্গা থানত প্ৰতিবছৰৰ দৰে এইবছৰো মহ,ছাগলী,হাহঁ ,পাৰৰ বলি বিধান প্ৰক্ৰিয়াৰে দেৱীৰ চৰণত উৎসৰ্গা কৰিছে ভক্তসকলে ৷ আজিৰে পৰা চাৰিদিনীয়া কাৰ্য্যসুচীৰে আয়োজিত এই পূজাত জাত কুল ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি হাজাৰ হাজাৰ ভক্তক আদৰিবলৈ সাজু মন্দিৰ পৰিচালনা সমিতি ৷ প্ৰায় তিনিশ বছৰৰ পৰা বলি বিধান প্ৰথাৰে চলি অহা এই থানত বৰ্তমানলৈকে বাৰটা মহ বলিৰ লগতে তিনি শতাধিক ছাগলী ,পাচঁ শতাধিক হাহঁ-পাৰৰ পঞ্জীয়ন হৈছে ৷ ইয়াৰে আজি মুঠ তিনিটা বৰ(ম’হ)বলি লগতে দুই শতাধিক ছাগলী আৰু তিনি শতাধিক হাহঁ -পাৰৰ বলি বিধান হয় ৷আনহাতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকেও এই পূজাত নৈবদ্য আগবঢ়োৱা পৰিলক্ষিত হয় ৷ মন্দিৰৰ এই পূজাত মুছলমান সম্প্ৰদায়ৰ লোকেও নৈবদ্য আগবঢ়াই দেৱীৰ ওচৰত আশীৰ্ষ লয় ইয়াৰোপৰি পলিথিন বৰ্জনৰ ক্ষেত্ৰতো মন্দিৰ পৰিচালনা সমিতিয়ে বিশেষ পদক্ষেপ হাতত লৈছে ৷ প্লাষ্টিক বৰ্জনৰ ক্ষেত্ৰত মন্দিৰ পৰিচালনা সমিতিৰ এই প্ৰচেষ্টা শলাগ লৱলগীয়া বুলি মত প্ৰকাশ কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদক তথা কাজিৰঙাৰ সচেতন ব্যক্তি,নাট্যকাৰ দেৱপ্ৰদীপ বৰাই ৷

ফটো: মনোজ প্ৰতিম শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *