বোকাখাত- কাজিৰঙাত তিনিটাকৈ পৃথক পথ দুৰ্ঘটনা ৷ নিহত এজন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ অক্টোবৰ: দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে বোকাখাত- কাজিৰঙাত সংঘটিত হয় তিনিটা পৃথক পথ দুৰ্ঘটনা। দিনৰ ভাগত বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত সাপজুৰিৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷জানিব পৰা মতে, শুকুৰবাৰে তিনিচুকীয়াৰ পৰা কলিকতাৰ অভিমুখে আহি থকা ডব্লিউ বি ২৩ছি ২৮০৬ নম্বৰৰ এখন ১২ চকীয়া মালবাহী ট্ৰাকে চাহপাত কঢ়িয়াই আনি থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰাকে অগাভেঁটা কৰাত তিনিচুকীয়াৰ পৰা আহি থকা ট্ৰাকখনৰ চালকে নিজক বচাবলৈ গৈ সাপজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দঁ খাৱৈত বাগৰি পৰে ৷ উক্ত দুৰ্ঘটনাটোত কোনো লোক হতাহত নহয় যদিও মালবাহী ট্ৰাকখনৰ চালক আৰু হেন্দিমেন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷ ইপিনে, বিপৰীত দিশৰ পৰা আহি থকা ট্ৰাকখনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ পৰৱতী সময়ত ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হৈ দ-খাৱৈত বাগৰি পৰা ট্ৰাকখন উদ্ধাৰ কৰাৰ লগতে আহত চালক আৰু হেন্দিমেনক চিকিৎসাৰ বাবে বোকাখাতলৈ প্ৰেৰণ কৰে।
আনহাতে, কাজিৰঙাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘৰ্টনা ৷ কাজিৰঙাৰ কহঁৰা আৰক্ষী চকীৰ অন্তৰ্গত বচাগাঁৱত আজি সন্ধিয়া ৪ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয় ৷ গুৱাহাটীৰ পৰা যোৰহাটৰ অভিমুখে আহি থকা এম এন ০১ ৬৮২৮ নম্বৰৰ ট্ৰেংকাৰ খনে বচাগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত গৰুক বচাবলৈ গৈ বিপৰীত দিশৰ পৰা আহি থকা এখন বাইকক মহতিয়াই নিয়ে ৷ উক্ত পথ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাইক আৰোহীজনে পিন্ধি থকা হেলমেটটো ফাটি চিটাচিট হৈ পৰে ৷ উক্ত ভয়াবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা বাইক আৰোহীজন এটা ব্যক্তিগত ইঞ্চিওৰেঞ্চ কোম্পানীত কৰ্মৰত মন বাহাদুৰ লামা (২৩)। কাৰ্বি আংলংৰ বৈঠালংছুৰ হামৰেণত যুৱক জনৰ ঘৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে বাইক আৰোহী জনক কঁহৰাৰ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে বাইক আৰোহী জন মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে, উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে-লগে স্থানীয় ৰাইজে ১০৮ এম্বুলেন্স সেৱাক খবৰ দিয়ে যদিও বহু পলমৈ ১০৮ সেৱা ঘটনাস্থলীত উপস্থিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷ ইফালে শুক্ৰবাৰে নিশা বোকাখাতত পুনৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পাৰে মতে, বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত বৰজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ কাজিৰঙাৰ পৰা বোকাখাতৰ অভিমুখে তীব্ৰবেগেৰে আহি থকা এ এছ ০১ ইউ ২০১২ নম্বৰৰ চিলভাৰ ৰঙৰ এখন ইন্দিকা গাড়ীয়ে পথত ৰৈ থকা এজন যুৱকক মহতিয়াই নিয়ে। জানিব পৰা মতে অজয় বাউৰী নামৰ যুৱক জনৰ ঘৰ বোকাখাতৰ বৰজুৰিত ৷ উক্ত দুৰ্ঘটনাটোত পথচাৰীজন গুৰুত্বভাৱে আহত নহয় যদিও সামান্য পৰিমাণে দেহৰ বিভিন্ন স্থানত আঘাট পায় ৷ ইপিনে, দুৰ্ঘটনা সংঘটিত কৰি ইন্দিকা গাড়ীখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও বোকাখাত আৰক্ষীয়ে গাড়ীখন জব্দ কৰি চালকক আটক কৰিবলৈ সক্ষম হয়। পৰৱৰ্তীসময়ত আহত যুৱকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি বোকাখাত কমলামিৰি অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, নতুন যানবাহন আইন প্ৰণয়ন কৰাৰ পাছটো একাংশ গাড়ী চালকৰ দৌৰাত্ম্যৰ কাৰণেই বোকাখাতৰ ৰাজপথত একেদিনাই তিনিটাকৈ পৃথক-পৃথক পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ দুৰ্গোৎসৱৰ উপলক্ষে বোকাখাতৰ বিভিন্ন স্থানত আৰক্ষী নিয়োগ কৰা হৈছে যদিও আচলতে বোকাখাতৰ ৰাজপথত কেনেকৈ ইমান দুৰ্ঘটনা সংঘটিত হবলৈ ধৰিছে সম্প্ৰতি ইয়াৰ বিষয়ে স্থানীয় সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *