কাজিৰঙাত হোটেল এণ্ড ৰিৰ্জ’ট এচ’ছিয়েছন গঠন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ অক্টোবৰ: যোৱা নিশা কাজিৰঙাৰ ধনশিৰি নিবাসত স্থানীয় আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন হোটেল আৰু ৰিজ’ৰ্টৰ স্বত্বাধিকাৰী সকলৰ উপস্থিতিত কাজিৰঙাত গঠন কৰা হয় “হোটেল এণ্ড ৰিৰ্জ’ট এচ’ছিয়েছন ৷ স্থানীয় বিশিষ্ট সমাজকৰ্মী ফটিক বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত উপস্থিত থাকে কাজিৰঙাৰ অৰ্ধশতাধিক ব্যক্তিগত হোটেল, ৰিজ’ৰ্ট আৰু অতিথিশালাৰ স্বত্বাধিকাৰী আৰু পৰিচালক সকল ৷ সভাৰ সিদ্ধান্ত মৰ্মে, ফটিক বৰাক সভাপতি, দিলীপ দাস, হেমপ্ৰকাশ বৰা , বিকাশ গোস্বামীক উপ সভাপতি, পংকজ গগৈক মুখ্য সম্পাদক আৰু বিমল শৰ্মা, ৰেহান আলি , ৰিথন সাহাক সহকাৰী সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া কমিটি গঠন কৰা হয়। “অতিথি দেৱ ভৱঃ” শ্লগান লৈ গঠন কৰা উক্ত কমিটিখনে আগন্তুক দিনত কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকৰ নিৰাপত্তাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ সকলো সা-সুবিধা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *