কোটিটকীয়া এথেনিক ভিলেজত বিকল চি চি কেমেৰা, নিৰাপত্তাৰ দিশত শূণ্য

নিউজ ডেস্ক,কাজিৰঙা লাইভ, ১ অক্টোবৰ : কাজিৰঙাৰ কহঁৰাত থকা কোটিটকীয়া এথেনিক ভিলেজ বৰ্তমান ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ অভিযোগ অনুসৰি পূৰ্বতে ভিলেজখনত এসময়ত বহু যুৱক -যুৱতীক অসংযত অৱস্থাত পোৱা গৈছিল ভিলেজখনৰ অন্তভাগত থকা পৰম্পৰাগত আৱাসগৃহসমুহৰ ভিতৰত ৷ ইয়াৰ পাছত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদৰ পাছত চি চি কেমেৰা লগোৱা হৈছিল যদিও বৰ্তমান বহুদিন ধৰি বিকল হৈ আছে কেমেৰাসমুহ ৷ আন এক অভিযোগ অনুসৰি সংগঠনটোৰ বিষয়ববীয়াই কয় যে ভিলেজ কৰ্তৃপক্ষই জানি শুনিয়েই বেয়া কৰি থৈছে কেমেৰাসমুহ ৷ এইক্ষেত্ৰত অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *