অৱশেষত কাজিৰঙাৰ ৰাজপথত বহু প্ৰত্যাশিত উৰণীয়া সেঁতুৰ প্ৰাক্‌ঃকলন (DPR)ৰ কাম আৰম্ভ ৷

দুটাকৈ টাৰ্নেল (Tunnel) ৰ তলেদি অহা-যোৱা কৰিব যানবাহন আৰু ওপৰেদি যাব বন্যপ্ৰাণী ৷

পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙা, ২৮ ছেপ্তেম্বৰ: অৱশেষত বহু প্ৰত্যাশিত বিশ্বৰ অন্যতম আটকধুনীয়া উৰণীয়া সেঁতুৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হ’ল কাজিৰঙাৰ ৰাজপথত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত নিৰ্মাণ কৰা হ’ব বিশ্বৰ অন্যতম ,আতকধুনীয়া ৩৫.৭ কিলোমিটাৰ দৈঘ্যৰ উৰণীয়া সেঁতুখন ৷ উল্লেখ্য যে, বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে কাজিৰঙাৰ দক্ষিণে অতিক্ৰম কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত পথলৈ নিৰ্মাণ কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ ইয়াৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ কাজিৰঙাৰ ৰাজপথত উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ আচঁনি গ্ৰহণ কৰিছিল চৰকাৰে ৷ উল্লেখ্য যে, ৩৫.৭ কিলোমিটাৰ দৈঘ্যৰ জখলাবন্ধাৰ পৰা কাজিৰঙাৰ পানবাৰীলৈকে নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ কাৰণে ধাৰ্য্য কৰা হৈছে ২ হাজাৰ ৬ শ ২৫ কোটি টকা ৷ আনহাতে, অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত হব লগীয়া এই আটকধুনীয়া উৰণীয়া সেঁতু খনত থাকিব চাইকেল আৰোহী আৰু খোজকাঢ়ি যাব পৰাকৈ ২ মিটাৰ বহলৰ পৃথক পদপথৰ স্থান ৷ ইতিমধ্যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুম্বাইৰ ৱাডিয়া টে’কন ইঞ্জিনিয়াৰিং চাৰ্ভিছ প্ৰাইভেট লিমিটেড আৰু জুমা ইঞ্জিনিয়াৰছ নামৰ দুটা প্ৰতিষ্ঠানক ৩ কোটি ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুৰ প্ৰাক্‌ঃকলন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে মুম্বাইৰ উক্ত দুয়োটা প্ৰতিষ্ঠানৰ কাৰিকৰী বিষয়া তথা অভিযন্তা সকল ইতিমধ্যে উপস্থিত হৈছেহি কাজিৰঙাত ৷ উক্ত প্ৰতিষ্ঠান দুটাৰ কাৰিকৰী বিষয়া তথা অভিযন্তা সকল কাজিৰঙাত উপস্থিত হৈয়ে আৰম্ভ কৰিছে প্ৰাক্‌ঃকলনৰ জোখ-মাখ ৷ ইপিনে, বহু প্ৰত্যাশিত ২ হাজাৰ ৬ শ ২৫ কোটি টকা ব্যয় সাপেক্ষে কাজিৰঙাৰ ৰাজপথত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেতুখনৰ নিৰ্মাণত বিশেষ ভূমিকা লোৱা অসম বন্যপ্ৰাণী পৰিষদৰ সদস্য তথা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কাজিৰঙাৰ ৰাজপথত উপস্থিত হৈ প্ৰাক্‌ঃকলনৰ কাম-কাজ সমূহৰ তদাৰক কৰি আছে ৷ আজি কাজিৰঙাত উপস্থিত হৈ মুম্বাইৰ উক্ত প্ৰতিষ্ঠান দুটাৰ সৈতে প্ৰাক্‌ঃকলন(DPR)ৰ জোখ -মাখৰ তদাৰক কৰা পৰিলক্ষিত হ’ল খুমটাইৰ বিধায়ক গৰাকীক ৷ ইয়াৰ পাছতে বিধায়ক গৰাকীয়ে “সাংবাদিক”ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰাক্‌ঃকলনৰ কাম আগন্তুক নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ আনহাতে, জখলাবন্ধাৰ পৰা কাজিৰঙাৰ পানবাৰীলৈকে ২ হাজাৰ ৬শ ২৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া আটকধুনীয়া উৰণীয়া সেঁতুখন তিনিটা ভাগত নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত ৷ ইয়াৰে প্ৰথম ভাগটো ১৮.৮১ কিলোমিটাৰ, দ্বিতীয় ভাগটো ১১.০৯ কিলোমিটাৰ আৰু তৃতীয় ভাগটো হ’ব ৪.৮১ কিলোমিটাৰ ৷ বিধায়ক গৰাকীয়ে জানিবলৈ দিয়া ম’তে কাজিৰঙাৰ মূল তিনিটা এনিমেল কৰিডৰত নিৰ্মাণ কৰা হ’ব ৩৫.৭ কিলোমিটাৰ দৈঘ্যৰ এই আটকধুনীয়া উৰণীয়া সেঁতুখন ৷ এই অত্যাধুনিক উৰণীয়া সেঁতুখনৰ লগতে দুটাকৈ টাৰ্নেল (Tunnel) কাজিৰঙাৰ ৰাজপথত নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি সেই স্থান সমূহত বন্যপ্ৰাণীৰ সংখ্যা আহত বা নিহত হোৱাৰ সংখ্যা যথেষ্ট হ্ৰাস পাব বুলি জানিবলৈ দিয়ে বিধায়কজনে। ৷ সেই অনুসৰি বুঢ়াপাহাৰ আৰু পানবাৰীত অত্যাধুনিক টাৰ্নেল (Tunnel) দুটা নিৰ্মাণ কৰি বন্যপ্ৰাণী ওপৰেদি যোৱাৰ ব্যৱস্থা কৰা হৈছে৷ মূলত সেই টাৰ্নেল (Tunnel) ৰ ওপৰেদি পাৰ হ’ব বন্যপ্ৰাণী আৰু তলেদি অহা-যোৱা কৰিব উজনি-নামনি মুৱা যানবাহন সমূহ ৷ ইতিমধ্যে, টাৰ্নেল দুটাৰ নিৰ্মাণৰ প্ৰাক্‌ঃকলন চলি থকা বুলি বিধায়ক মৃণাল শইকীয়াই জানিবলৈ দিয়ে ৷ আগন্তুক নৱেম্বৰ মাহত প্ৰাক্‌ঃকলন সম্পূৰ্ণ হোৱাৰ পাছতেই নিবিদা গ্ৰহণ কৰা হ’ব আৰু ২০২০ চনৰ ভিতৰত বহু প্ৰত্যাশিত বিশ্বৰ অন্যতম আটকধুনীয়া বন্যপ্ৰাণী সুৰক্ষাৰ বাবে নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুখনৰ কাম আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি দৃঢ়তাৰে জানিবলৈ দিয়ে বিধায়ক মৃণাল শইকীয়াই ৷ আনহাতে, দেশী-বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহাৰ লগতে উৰণীয়া সেতুখনো আকৰ্ষণ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিব ৷ যি দৰে ধলা শদিয়া দলং চাবলৈ বিভিন্ন স্থানৰ পৰা মানুহ যায় ঠিক তেনেদৰেই নিৰ্মাণ কৰিবলগীয়া আটকধুনীয়া উৰণীয়া সেতুখন চাবলৈ আহিব দেশী-বিদেশী পৰ্যটক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *