গজৰাজৰ পুৰি খাই নষ্টালজিক মুখ্যমন্ত্ৰী সোণোৱাল।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ ছেপ্টেম্বৰ: “বোকাখাত গজৰাজ হোটেলত মই ছাত্ৰ অৱস্থাত গুৱাহাটীলৈ অহা যোৱা কৰোতে এটা আইটেম খাই বৰ ভাল লাগিছিল ৷কলপাতত দিয়া পুৰি আৰু আলুৰ আঞ্জা”৷আজি বোকাখাতৰ গজৰাজ হোটেলত কলপাতত দিয়া পুৰিৰ পুনৰ জুতি লৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷গজৰাজত আজি সন্ধিয়া বিধায়িকা আঙুৰলতা ডেকা,বিধায়ক বিমল বৰা, প্ৰাক্তন বিধায়ক জগদীশ ভূঞা,আৰু বিজেপি নেতা ফনী শৰ্মাৰ লগতে একাংশ দলীয় নেতা সহ মুখ্যমন্ত্ৰীয়ে পুৰি আলুৰ জুতি লয় ৷ মুখ্যমন্ত্ৰী সোনোৱালে বোকাখাতত সাংবাদিকৰ আগত মন্তব্য কৰে যে সমাজখনৰ মহানতা জনসম্পৰ্কৰ যোগেদিহে উপলব্ধি কৰিব পাৰি ৷ তেওঁ মন্তব্য কৰে যে অসমত বসবাস কৰা তিনিকোটি তেত্ৰিশ লাখ লোকে তেত্ৰিশ খন জিলাত বসবাস কৰা পাহাৰ ভৈয়াম সকলোৱে মিলি অসমক ভাৰত বৰ্ষৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাবে গঢ় দিয়াত আত্ম নিয়োগ কৰিছে ৷

Photo source: Facebook

Leave a Reply

Your email address will not be published. Required fields are marked *