কঠোৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনীৰ নায়ক কাজিৰঙাৰ নৰেন শইকীয়া ৷

শাৰীৰিক বাধাকো আওকাণ কৰি এখন হাতেৰেই কঠোৰ জীৱন সংগ্ৰাম অব্যাহত ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ ছেপ্তেম্বৰ: নাম-নৰেন শইকীয়া ৷ কঠোৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনীৰ নায়ক কাজিৰঙাৰ নৰেন শইকীয়া ৷ শাৰীৰিক বাধাক আওকাণ কৰি নিজৰ ভাগ্যক দোষাৰোপ নকৰি জীৱন যুদ্ধত কঠোৰ সংগ্ৰাম অব্যাহত ৰাখিছে কাজিৰঙাৰ বেজগাঁওৰ নিবাসী নৰেন শইকীয়া নামৰ ব্যক্তিজনে ৷ বিগত ৫ বছৰ পূৰ্বে এক ভয়ংকৰ পথ দুৰ্ঘটনাত নৰেন শইকীয়াই চিৰদিনৰ কাৰণে হেৰুৱাইছিল তেওঁৰ বাওঁহাতখন ৷ উল্লেখযোগ্য যে, পত্নীসহ দুটি সন্তান আৰু পিতৃ-মাতৃৰ সৈতে এক বৃহৎ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী নৰেন শইকীয়াই এখন হাত হেৰুওৱাৰ পাছত প্ৰথম অৱস্থাত নিৰাশো হৈছিল ৷ নৰেনৰ মনলৈ প্ৰশ্ন আহিছিল, কেনেদৰে এখন হাতেৰে পোহপাল দিব তেওঁৰ বৃহৎ দৰিদ্ৰ পৰিয়ালটোক ৷ ৰজাঘৰৰ পৰা সাহায্য বিচাৰি ৰজাঘৰৰ দুৱাৰ টুকুৰিয়াই-টুকুৰিয়াই ভাগৰি পৰা নৰেন শইকীয়াই বেংকত ঋণৰ বাবে আবেদন কৰিছিল যদিও এখন হাত নথকাৰ বাবেই বেংক কৰ্তৃপক্ষই ঋণ প্ৰদান নকৰিলে দুৰ্ভগীয়া নৰেন শইকীয়াক ৷ সকলো ফালৰ পৰা উপেক্ষিত হোৱাৰ পাছত নিজৰ মনটো দৃঢ় কৰি পেলাইছিল নৰেন শইকীয়াই ৷ কাজিৰঙাৰ দিৰিং চাৰিআলিত এখন সামান্য ৱেল্ডিংৰ দোকান খুলি বৰ্তমান চলায় গৈছে কঠোৰ জীৱন সংগ্ৰাম ৷ নিজৰ সামান্য দোকান খনৰ ভিতৰত দিনৰ দিনটো এখন হাতেৰেই লোহা পিটি, ৱেল্ডিং কৰি লাভ কৰা সামান্য টকাৰেই নিজ বৃহৎ পৰিয়ালটোক পোহপাল দিছে নৰেন শইকীয়াই ৷ নৰেন শইকীয়াই দোকানত এখন হাতৰ জোৰত ৱেল্ডিংৰ জুইৰ ফিৰিঙতি নুলিয়ালেই তেওঁৰ ঘৰত নজ্বলে ৰান্ধনীশালৰ চৌকা ৷ অৰ্থাৎ পেটত গামোচা বান্ধিব লগীয়া অৱস্থাৰ সৃষ্টি হ’ব নৰেন শইকীয়াৰ বৃহৎ পৰিয়ালটোৱে ৷ বিগত ৫ বছৰ ধৰে এনেদৰেই কাজিৰঙাৰ দিৰিং চাৰিআলিত শইকীয়া ৱেল্ডিং ৱৰ্কচপ নামৰ দোকানখনৰ জৰিয়তে নিজে নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে আন ৫ জন নিবনুৱাক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে নৰেন শইকীয়াই ৷ মনোবল আটুট থাকিলে শাৰীৰিক বাধা যে কাৰক হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱাইছে নৰেন শইকীয়াই ৷ নৰেন শইকীয়াৰ এনে মহান কৰ্ম তথা কঠোৰ জীৱন সংগ্ৰাম অনেকেৰ বাবে হয়তু হৈ পৰিব অনুপ্ৰেৰণা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *