কাজিৰঙাৰ শংকৰদেৱ শিশু নিকেতনৰ চাৰি গৰাকী ছাত্ৰ-ছাত্ৰী ৩২ তম বিদ্যাভাৰতী ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অংশগ্ৰহণৰ বাবে ৰাওনা ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ ছেপ্তেম্বৰ: অহা ২ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈকে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ব লগীয়া ৩২ তম বিদ্যাভাৰতী ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অংশ গ্ৰহণৰ বাবে কাজিৰঙা শংকৰদেৱ শিশু নিকেতনৰ পৰা ৪ গৰাকী ছাত্ৰ-ছাত্ৰী আজি ৰাওনা হৈছে ৷ ১৪ বছৰ অনুৰ্ধ্ব দলত সন্নিৱিষ্ট হবলৈ সক্ষম হোৱা কাজিৰঙাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী কেইজন হৈছে ক্ৰমে- অভিনাষ শইকীয়া, অভিনৱ ডেকা, নবীৰ ৰাজখোৱা আৰু জোনালী দাস লগতে পৰিচালক হিচাপে আছে নিকেতনৰ আচাৰ্য্য কমল মুণ্ডা ৷ উল্লেখ্য যে, কাজিৰঙা অঞ্চলত যোগ শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰণালয়ৰ সহযোগত কাজিৰঙা শংকৰদেৱ শিশু নিকেতনৰ উদ্যোগত দুটা বৰ্ষত কাজিৰঙাৰ বিভিন্ন বিদ্যালয়ত যোগ শিক্ষাৰ কৰ্মশালা অনুষ্ঠিত হৈ আহিছে ৷ উক্ত বিদ্যালয় সমূহৰ বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীও ৩২ তম বিদ্যাভাৰতী ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অংশ গ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া সমাৰোহত কাজিৰঙাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰাৰ বিষয়টোত সম্প্ৰতি স্থানীয় ৰাইজে গৌৰৱবোধ কৰা বুলি জানিবলৈ দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *