বোকাখাতত বিজেপিৰ জনজাগৰণ সভা

কাজিৰঙা লাইভ, বোকাখাত, ৩০ ছেপ্টেম্বৰ: কলিয়াবৰ লোকসভা সমষ্টি সমিতিৰ উদ্যোগত বোকাখাত নাট্যমন্দিৰত আজি জনজাগৰণ সভা অনুষ্ঠিত হয় ৷ সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিল ,ঐতিহাসিক ভুলৰ শুধৰণিৰৰ জনজাগৰণ সভাত খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই মন্তব্য কৰে যে” কাশ্মীৰৰ অৱস্থা স্বাভাৱিক ৷ বিজেপিৰ নেতৃত্বত এইয়া সম্ভৱ হৈছে ৷ ইয়াৰ বিপৰীতে ইমৰাণ খানৰ লগতে গান্ধী আৰু ভদ্ৰাৰ পৰিয়াল অশান্ত হৈ পৰিছে ৷ ভাৰতত এতিয়া দুটা পন্থী, পাকিস্থান পন্থী আৰু হিন্দুস্থান পন্থী ”৷ বিজেপিৰ ৰাজ্যিক সম্পাদক দেৱপ্ৰদীপ বৰাই আঁত ধৰা সভাত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই কয় যে,কংগ্ৰেছৰ বহু নেতায়ো আওপকীয়াকৈ ৩৭০ ধাৰা বাতিলৰ সমৰ্থন জনাইছে ৷ নৱেম্বৰৰ সংসদীয় অধিৱেশনতেই কেব কাৰ্যকৰীকৰণ হব ৷ লাডাখৰ অনগ্ৰসৰতা ৩৭০ বাতিলৰ বাবে আঁতৰি যাব,উন্নতি হব জম্মু- কাশ্মীৰৰো ৷ ৰাজনৈতিক স্বাৰ্থতেই কংগ্ৰেছে ৩৭০ বাতিল কৰা নাছিল৷ ভাৰতৰ আতংকবাদৰ স্বৰ্গ হল জম্মু- কাশ্মীৰ ৷ ৩৭০ বাতিলৰ লগে লগে আতংকবাদৰো সমাপ্তি হব ৷ লগতে তেওঁ প্লাষ্টিক বৰ্জনৰো আহ্বান জনাই ৷ এ,পি, চি,এল, ৰ অধ্যক্ষ জগদীশ ভূঞা, চাহ নিগমৰ অধ্যক্ষ অমিয় বৰা, জিলা সভাপতি দেৱজিত বৰা, ৰাজ্যিক কেন্দ্ৰীয় সদস্য শম্ভু দেৱ, জীনা বৰুৱা, অনিমেশ শইকীয়া উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *