বোকাখাতৰ ডিফলুত কৰম উৎসৱত ঝুমুইৰ নাছিলে মন্ত্ৰী অতুল বৰাই

কাজিৰঙা লাইভ, বোকাখাত, ৩০ ছেপ্টেম্বৰ: ৰাজ্যজুৰি তীব্ৰগতিত চলিছে অগপৰ সদস্য ভৰ্তিৰ অভিযান ৷ অগপৰ সভাপতি তথা জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা ঢপলিয়াইছে উজনি – নামনিলৈ ৷ ব্যস্ততাৰ মাজতেই দেওবাৰে নিশা অতুল বৰাই বোকাখাতৰ ডিফলু চাহ বাগিছাত কেন্দ্ৰীয় কৰম পূজাত অংশ লয় ৷ কৰমৰ ডালৰ সন্মুখত সেৱা জনাই বোকাখাতৰ সমষ্টিৰ বিধায়কজনে ৷ কৰম পূজাৰ ঝুমুইৰ নৃত্যত অংশ লোৱাৰ লগতে মন্ত্ৰীগৰাকে কিছু সময়ৰ বাবে মিলি গল চাহ বাগিছাৰ ঘাম-মাটি, পানী, জীৱন, জিৱীকাৰ লগত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *